লক্ষ্মী পূজা – লখিমী শৰ্মা

লক্ষ্মী পূজা

লখিমী শৰ্মা, যোৰহাট

হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা । হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাতি মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয় । পূব ভাৰতৰ পশ্চিম বংগ , অসম , ওড়িষ্যা , ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মীপূজা পালন কৰে । কাতি মাহত অনুষ্ঠিত লক্ষ্মীপূজা দেৱালীৰ তৃতীয়দিনা উদ্‌যাপিত হয় । ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয় । এইদিনা পূব ভাৰতৰ অঞ্চলসমূহত কালীপূজা অনুষ্ঠিত হয় । লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি ( আধ্যাত্মিক আৰু পাৰ্থিৱ ) পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্য্যৰ দেৱী । তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা । জনবিশ্বাস মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ – দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে , আটা আৰু ফাকুৱা গুৰিৰ সহায়েৰে আল্পনা বনাই , বিভিন্ন প্ৰকাৰৰ ভোগ ৰান্ধে আৰু মিঠাই বনায় । ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে । পূব ভাৰতত আহিন মাহৰ দুৰ্গাপূজাৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত হয় । এই পূজাক কজাগৰী লক্ষ্মীপূজা বুলিও কোৱা হয় । লক্ষ্মীপূজাত লক্ষ্মী চৰিত্ৰ আৰু পাঁচালী পাঠ কৰা হয় । লক্ষ্মী দেৱীৰ ওচৰত সেইদিনাখন ধানৰ থোক, আমলখি পাত দি, এটা ঘটত আমদালি দি পূজা অৰ্চণা কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি – নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰে । সেইদিনা পানীৰে সৈতে পৰিপূৰ্ণ এটা ঘটত আমদালি দি ঘটটোত সেন্দুৰে আঁকি ফুল, চাকি, ধূপ, ধূনা জ্বলাই মা লক্ষ্মীৰ ওচৰত অলপমান পানী আৰু কেইটামান চাউল ৰাখি লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনাই পূজা কৰা হয় । লক্ষ্মী চৰিত্ৰ বা পাঁচালীত উল্লেখিত মতে মানুহে বহুতো নীতি নিয়মৰ বান্ধোনেৰে কিভাৱে চলিব লাগে সকলোখিনি বৰ সুন্দৰকৈ লিখা আছে ।