ডিব্ৰুগড়ত যুৱ প্ৰজন্মই গ্ৰহণ কৰিলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিজ্ঞা

ডিব্ৰুগড়ত যুৱ প্ৰজন্মই গ্ৰহণ কৰিলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিজ্ঞা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত সমগ্ৰ দেশত চলি থকা “পৰিষ্কাৰ-পৰিচ্ছন্নতাই সেৱা” অভিযানৰ অংশ হিচাপে আজি (২৭/৯/২৩) আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰি এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কত সজাগতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক নিজ নিজ অঞ্চলত পথ প্ৰদৰ্শক হ’বলৈ অনুপ্ৰাণিত কৰা হয়। ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড়েও এই পদক্ষেপত সক্ৰিয় সহযোগিতা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলে স্বচ্ছতাৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ শপত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে সময় উচৰ্গা কৰিবলৈও প্ৰতিশ্ৰুতি দিয়ে। কানৈ মহাবিদ্যালয়ৰ সেউজীয়া বাকৰিত আয়োজিত এই অনুষ্ঠানটিত ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডা: শৈকত পাত্ৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীব কাকতিয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি শপত বাক্য পাঠ কৰোৱায় । আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকা আৰু ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই “পৰিষ্কাৰ-পৰিচ্ছন্নতাই সেৱা”ৰ এই বিশেষ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে।