আলিম সমাজেও আত্মসমালোচনা কৰা উচিত
ইকবাল হুছেইন
হয়, ধৰ্ম-সমাজ-ৰাষ্ট্ৰ তথা আত্মশুদ্ধিৰ বাবে মোল্লা-মৌলবী সকলেও আত্মসমালোচনা কৰা উচিত। পিছে, আলিম সমাজক নীতি শিক্ষা দিয়া মোৰ নহয় উদ্দেশ্য নহয় যদিও বাস্তৱতাক স্বীকাৰ নকৰিলেও কৃপনালি কৰা হ’ব।আচলতে হক্কানী-ৰাব্বানী আলিম-উলামা হৈছে মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ উত্তৰসূৰী। তেওঁলোকৰ আদৰ্শ, আখলাক-চৰিত্রক, আচাৰ-আচৰণ, শিষ্টাচাৰীতা তথা ইবাদৎ-বন্দেগী হ’ব লাগিব পয়গম্বৰ হজৰত মহম্মদ (ছঃ)ৰ দৰেই। ধৰ্মীয় তথা আধ্যাত্মিক গুণেৰে গুণাম্বিত হ’ব লাগিব মোল্লা-মৌলবী সকল। এগৰাকী আলিমৰ চাল-চলন, আচাৰ-আচৰণ তথা কৰ্মত ফুটি উঠিব লাগিব মহম্মদীয়া গুণ। তেওঁলোকৰ উদাৰ মনোবৃত্তি, মহানুভৱতা আৰু খোদাভিৰুৰ উৎকৃষ্ট নিদৰ্শনৰে সমাজক এক যোগাত্মক গতি দিব লাগিব। যিহেতুকে পূৰ্বে উল্লেখ কৰা ধৰণে তেওঁলোক হৈছে মহানবী হজৰত মহম্মদৰ উত্তৰসূৰী। সেই হেতুকেই আলিম-উলামা সকল হৈছে সমাজৰ দ্বায়িত্বশীল মুৰব্বী আৰু পথ প্ৰদৰ্শক। গতিকে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অনেকো দ্বা-দ্বায়িত্ব।এগৰাকী দ্বায়িত্ববোধ থকা দ্বায়বদ্ধশীল আলিমে মানুহক সকলো সময়তে ভাল কামৰ প্ৰতি উৎসাহিত কৰে আৰু বেয়া কৰ্মৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁলোকে পথভ্ৰষ্ট তথা বিপথগামী মানুহক ধৰ্মীয় আৰু আধ্যাত্মিকতাৰ জ্ঞানেৰে মূলসূতিলৈ ঘূৰাই আনিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰে। তাৰ সমান্তৰালকৈ আলিম এজনে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ হিতৰ বাবে কাৰ্য কৰাৰ লগতে সমাজৰ উঠি অহা প্ৰজন্ম আৰু ছাত্ৰ-ছাত্ৰীৰ সকলক জ্ঞান, অনুশাসন, নৈতিকতা, মূল্যবোধ আৰু উপাসনা পদ্ধতিৰ শিক্ষা দিয়ে। বিশেষকৈ নামাজৰ শিক্ষা দিয়ে।নামাজ এনেকুৱা এটা ইবাদৎ যাৰ বিষয়ে স্বয়ং সৃষ্টিৰ শ্ৰষ্টা মহান আল্লাহে পৱিত্ৰ ক্বোৰআনত বহুবাৰ আলোচনা কৰিছে। মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ উদ্দেশ্যে পৱিত্ৰ ক্বোৰআনত মহান আল্লাহে কৈছেঃ তুমি তোমাৰ পৰিয়ালবৰ্গক নামাজ পঢ়াৰ আদেশ দিয়া আৰু তুমি নিজেও নামাজত অবিচল থাকিবা, মই (আল্লা)হে তোমাৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ বৰঞ্চ মইহে তোমাক জীৱিকা দান কৰো আৰু শুভ প্ৰতিদান সৎকৰ্মপৰায়ণতাৰ বাবেহে।-(আল ক্বোৰআনঃ ২০:১৩২)।প্ৰণিধানযোগ্য যে ইছলাম ধৰ্মাৱলম্বী সকলৰ বাবে দিনত পাঁচবাৰ নামাজ পঢ়াটো বাধ্যতামূলক কৰা হৈছে। সেয়ে প্ৰাপ্তবয়স্ক তথা সুস্হ বিবেকসম্পন্ন পুৰুষ-মহিলা উভয় লিঙ্গৰ মুছলমানে নামাজ পঢ়িব লাগে। এই প্ৰসংগত মহানবী হজৰত মহম্মদ (ছঃ)য়ে কৈছে, যিজন ব্যক্তিয়ে পাঁচ ওয়াক্ত নামাজ সঠিকভাৱে সমাপন কৰিব আল্লাহে তেওঁক পাঁচটা পুৰস্কাৰৰ দ্বাৰা সম্মানিত কৰিব।
(১) তেওঁৰ অভাৱ-অনাটন দূৰ কৰি দিব।
(২) কৱৰৰ কঠিন শাস্তিৰ পৰা ৰেহাই দিব।
(৩) সোঁহাতত নিজৰ ক্ৰিয়াকৰ্মৰ তালিকা (আমল নামা) তুলি দিব।
(৪) বিজুলী বেগেৰে পুলছিৰাত (জাহান্নাম বা নৰক কুণ্ডৰ ওপৰত নিৰ্মিত সেতু) পাৰ কৰোৱাব আৰু
(৫) বিনা হিচাপে জান্নাত (স্বৰ্গ)ত প্রবেশ কৰাব।
আনহাতে পৰম কৰুণাময় আল্লাহ ৰাব্বুল আলামিনে পৱিত্ৰ ক্বোৰআন শ্বৰীফত ঘোষণা কৰিছে যে, ‘নিশ্চয়ই যিসকলে আল্লাহৰ কিতাপ (ক্বোৰআন) পঢ়ে, নামাজ আদায় কৰে আৰু আল্লাহে যি জীবিকা দিছে তাৰ পৰা গোপনে-প্রকাশ্যে দান দিয়ে, সিহঁতে এনেকুৱা ব্যৱসায়ৰ আশা কৰিব পাৰে যিটো কেতিয়াও ধ্বংস নহয়।’ (ছুৰা ফাতিঃ ২৯)।হাদিছ শ্বৰীফ (ধৰ্মশাস্ত্ৰ)ত উল্লেখ আছে যে, ইহ আৰু পৰজগতৰ সাফল্য লাভৰ একমাত্ৰ চাবিকাঠী হৈছে নামাজ। সেয়ে পৰজগতত মুক্তি পাবলৈ হলে ইহজগতত পাঁচ ওয়াক্ত নামাজ (নিয়মিত প্ৰাৰ্থনা)ৰ প্ৰতি যত্নবান থাকিব লাগিব।এই নামাজে (প্ৰাৰ্থনা)ই মানুহক অন্যায়, অত্যাচাৰ, অনাচাৰ, ব্যভিচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপহৰণ, ধৰ্ষণ, হত্যা, ঠগ-প্ৰৱঞ্চনা, চুৰি, ডকাইতি, জুৱা খেল, মদ্যপান, ড্ৰাগছ সেৱন আদি অসামাজিক পাপ কাৰ্যৰ পৰা বিৰত ৰাখে। তাৰোপৰি হিংসা-বিদ্বেষ, ঘৃণা, অহংকাৰ, পৰনিন্দা, পৰচৰ্চা আদি দুৰ কৰি মানুহৰ মাজত একতা, বিশ্বাস, প্ৰেম-ভালপোৱা, শান্তি-সমন্বয় সুদৃঢ় কৰাৰ সমান্তৰালকৈ ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ বিৰোধী কৰ্মকাণ্ডৰ পৰা মানুহক আতৰাই ৰাখে। তেনেস্থলত মুছলমান সকলে লগৰীয়া বন্ধু-বান্ধৱৰ পাকত পৰি নামাজৰ দৰে গুৰুত্বপূৰ্ণ ইবাদৎ (প্ৰাৰ্থনা) কেতিয়াওঁ পৰিত্যাগ কৰা উচিত নহয়।পাহৰি গলে নহব যে আমি মাতৃ গৰ্ভৰ পৰা অকলে জন্মগ্ৰহণ কৰিছো, অকলেই ইহসংসাৰৰ মায়া ত্যাগ কৰিব লাগিব আৰু কিয়ামত (শেষ বিচাৰ)ৰ দিনা অকলেই আল্লাহৰ প্ৰশ্নৰ সন্মুখীন অৰ্থাৎ নামাজ ত্যাগ আৰু অৰ্জিত পাপৰ বাবে ঈশ্বৰৰ ওচৰত জবাবদিহি হ’ব লাগিব। এনে অৱস্থাত লগৰীয়া বন্ধু-বান্ধৱৰ মায়াবী চক্ৰবেহুত পৰি নিজৰ দ্বীন (ধৰ্ম)ক একাষৰীয়া বা গুৰুত্বহীন কৰি পাপ কৰ্মত জপিয়াই পৰাটো মুছলমানৰ বাবে কদাপি উচিত নহয় বা হবও নোৱাৰে, এনে কৰিলে নিজৰ ভৰিত নিজেই কুঠাৰঘাত কৰাৰ দৰে হ’ব। মনত ৰাখিব লাগিব যে লগৰীয়া বন্ধু-বান্ধৱীয়ে কেতিয়াও কাকো জাহান্নামৰ সেই কঠিন শাস্তি অৰ্থাৎ নৰক যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিবলৈ নাহে বা কৰিবও নোৱাৰে।গতিকে আলিম/উলামা সকলে সৰ্বস্তৰৰ জনগণৰ লগতে মাদ্ৰাছাবোৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক ছুন্নাত, নফল, মুস্তাহাবৰ সহিতে পাচৱাক্ত নামাজত মগ্ন কৰাব লাগে। আনকি শিক্ষকসকলে ছাত্ৰসকলৰ সৈতে নিজে নামাজত উপস্থিত থাকি নামাজৰ গুৰুত্ব বৃদ্ধি কৰিব লাগিব। এনে কৰিলে ছাত্ৰ-ছাত্ৰীবোৰে নামাজৰ গুৰুত্ব অনুধাৱন কৰাৰ লগতে এখন স্বচ্ছ, নিকা, শৃংখলাবদ্ধ, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমন্বয়ৰ সৰ্বাংগসুন্দৰ সমাজৰ আশা কৰিব পাৰি। অস্বীকাৰ কৰাৰ স্থল নাই যে এগৰাকী ধৰ্মগুৰু বা আলিম-উলামা হৈছে এটা জাতিৰ দাপোন স্বৰূপ। হেতুকে আলিম-উলামা সকলে নিজৰ মাজত আত্মসমালোচনা কৰি ভৱিষ্যতৰ কাৰ্যপন্থা যুগুত কৰাৰ লগতে বুকুত হাত থৈ এবাৰ অন্তৰৰ অন্তঃস্থলৰ পৰা ভাৱি চোৱা উচিত যে তেওলোকে কি কৰা দৰকাৰ আছিল, কি কৰি আছে আৰু কেনেকৈ চলিব লাগিছিল, কেনেকৈ চলি আছে, ইত্যাদি।