শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে মুখত “কলা কাপোৰ” পৰিধান কৰি মৌন প্ৰতিবাদ

শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে মুখত “কলা কাপোৰ” পৰিধান কৰি মৌন প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- দীঘলীপুখুৰীপাৰৰ সন্মুখৰ জি,এন,বি ৰোডত তথা কামৰূপ মহানগৰ জিলা এন,চি,পি কাৰ্য্যলয়ৰ মুখ্য দুৱাৰৰ সন্মুখত শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে মুখত “কলা কাপোৰ” পৰিধান কৰি এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে।উক্ত মৌন প্ৰতিবাদ কাৰ্য্যসূচিত নেতৃত্ব প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আকাশ দলে, শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ নেতৃত্ব দিয়ে গায়েত্ৰী বঢ়ি, নেইণা বেগম, বিতু মণি দাস বেগম, জয়ন্তী দত্ত, ননী হলদাৰকে আদি কৰি প্ৰায় ৫৫ জন মান প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে।শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে মুখত “কলা কাপোৰ” পৰিধান কৰি আৰু বেনাৰ, প্লে- কাৰ্ড চৰকাৰ বিৰোধী শ্লো-গান দি আমাক ক্ষতিপূৰ্ণসহ পুনৰ সংস্থাপন দিব নোৱাৰা চৰকাৰে আমাৰ ঘৰ ভেটি ঘুৰাই দিয়ক আদিৰ দাবীত এক মৌন প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।