দৰং কলেজৰ অনুৰাগ হাজৰিকা – মৃদুলা বৰুৱা

দৰং কলেজৰ অনুৰাগ হাজৰিকা
মৃদুলা বৰুৱা, তেজপুৰ
দৰং কলেজৰ
অনুৰাগ হাজৰিকা
মই তোমাক ভাল পাওঁ,
পায়েই থাকিম
তুমি কি কৰিবা
যিদিনা প্ৰথম দেখিছিলোঁ
তোমাক দৰঙৰ বাকৰিত
সেইদিনাই মোৰ বুকুত
ভালপোৱাৰ গজালি মেলিছিল
তুমি বৰষুণ হৈ নামি আহিছিলা
মোৰ বুকুলৈ
আৰু মই বৰষুণৰ টোপালেৰেই
কলিজাত লিখিছিলোঁ তোমাৰ নাম
মন গ’লে এতিয়াও লিখিব পাৰোঁ
কলেজৰ দেৱালত
তোমাৰ মোৰ নাম
তুমি কি কৰিবা।
আলফ্ৰেড মাৰ্ছাল বা ডেভিড ৰিকাৰ্ডোৰ
ইকনমিক্সৰ সংজ্ঞা মোৰ মূৰৰ ওপৰে যায়
তথাপিও বাৰ নম্বৰৰ কোঠা
শুৱনি কৰোঁ মই
মাথোঁ তোমাৰ নীলাভ দুচকুৰ নিজৰাত
নিজকে বোৱাই দিয়াৰ হেঁপাহত
প্ৰভাত ছাৰৰ চকুত ধূলি মাৰি
তোমাৰ পনিয়ল বৰণীয়া ওঁঠ
চামেই চাম
তুমি কি কৰিবা।
দৰঙৰ বাকৰিত
তুমি বান্ধবীহঁতৰ লগত
আদ্দা মাৰা
আৰু মই আধাপোৰা কলিজাত
অপ্ৰকাশিত কথাবোৰ লুকুৱাৰ চেষ্টা কৰোঁ।
মোৰ হৃদয়ত পোক এটাই কিলবিলাই
আৰু ডায়েৰিৰ পৃষ্ঠা কবিতাৰে ভৰি যায়।
মই তোমাৰ নামত হাজাৰটা কবিতা লিখিছোঁ
আৰু লিখিয়েই থাকিম
তুমি কি কৰিবা।
কৃষ্ণচূড়াৰ তলত, কেণ্টিনৰ সন্মুখত
নতুবা লাইব্ৰেৰিৰ বিশেষ চকীখনত
মোৰ দুচকুৱে তোমাক বিচাৰে
জানা তুমি অবিহনে
মৌন হৈ পৰে কলেজ কেম্পাছ
আজিকালি দেওবাৰবোৰো
মোৰ বাবে নিৰস
এনে নিৰস সময়বোৰত
মোৰ একমাত্ৰ লগৰী
তোমাৰ পকেটৰ পৰা
অজানিতে পৰি যোৱা ৰূমালখন
বাৰে বাৰে নাকত লগাই চাওঁ
চিনাকি ভালপোৱাৰ এটা গোন্ধ
মই তোমাৰ ভালপোৱাৰ গোন্ধ
লৈ আছোঁ আৰু লৈয়ে থাকিম
তুমি কি কৰিবা।
জানা অনুৰাগ হাজৰিকা
আজিকালি ৰাতি বোৰ ভাল লাগে মোৰ
তুমি যে আহি কাষতে ৰোৱা
সপোনৰ কলি হৈ
মই তোমাৰ ঘৰৰ বোৱাৰী হোৱা সপোন দেখোঁ
মন গ’লে দেখিয়েই থাকিম
তোমাৰ মাক মা বুলি মাতিম
তুমি কি কৰিবা।
অনুৰাগ হাজৰিকা
তোমাৰ বাবেই মোৰ হৃদয়ত পাৰিজাত ফুলে
নাজানো মই কিমান বিশাল হ’লে
প্ৰেম স্থায়ী হয়
তোমাক লৈ কোনো বিশেষ
প্ৰত্যাশাও ৰখা নাই মই
তুমি অবিহনে চলাই যাব পাৰিম
মোৰ প্ৰেমৰ বঠা বিহীন নাওঁ
হয়তো কোনোবা ক্ষণত
মোৰ চিৰাল ফাট দিয়া বুকুখনে
উচুপি উঠিব
তথাপিও মই তোমাক ভাল পাওঁ
আৰু পায়েই থাকিম
তুমি কি কৰিবা।