দৰঙৰ জিলা আয়ুক্তৰ ‘আয়ুষ্মান ভৱ’ অভিযান বিষয়ক সংবাদ মেল

দৰঙৰ জিলা আয়ুক্তৰ ‘আয়ুষ্মান ভৱ’ অভিযান বিষয়ক সংবাদ মেল

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে যোৱাকালি তেওঁৰ কাৰ্যালয়ৰ সভাগৃহত এখন সংবাদ মেলত ‘আয়ুষ্মান ভৱ’ অভিযানৰ অধীনত জিলাখনত গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। যোৱা ১৩ ছেপ্টেম্বৰত দেশৰ ৰাষ্ট্ৰপতিয়ে আয়ুষ্মান ভৱ অভিযানৰ শুভাৰম্ভ কৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে দৰং জিলাতো এই আঁচনিৰ কাৰ্যসূচীৰ আৰম্ভ হয় । সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে এই অভিযানৰ সফল ৰূপায়নৰ বাবে জিলাখনত ইতিমধ্যে মুঠ ১১৬৭ গৰাকী আশাকৰ্মী, এম পি ডব্লিউ, চাৰ্ভিলেন্স ৱৰ্কাৰ, আশা চুপাৰভাইজাৰক যোৱা দুদিনত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আয়ুষ্মান ভাৰত অভিযানৰ অধীনত আয়ুষ্মান আপ কে দ্বাৰ ৩.০, আয়ুষ্মান সভা, আয়ুষ্মান মেলা অনুষ্ঠিত হ’ব । তেওঁ লগতে কয় যে ‘আয়ুষ্মান আপ কে দ্বাৰ ৩.০’ ৰ অংশ হিচাপে ই কে ৱাই চিৰ পঞ্জীয়ন আৰু আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হ’ব। অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ প্ৰতি সপ্তাহৰ শনিবাৰে উপ স্বাস্থ্য কেন্দ্ৰ – স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ- স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্য কল্যাণ কেন্দ্ৰত এই মেলাসমূহ অনুষ্ঠিত হ’ব। এই অভিযানৰ সময়ছোৱাত প্ৰতিটো সামূহিক স্বাস্থ্য কেন্দ্ৰতে এখনকৈ মেলা অনুষ্ঠিত হ’ব বুলি তেওঁ লগতে কয়। জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকসকলৰ আগত কয় যে এই মেলাসমূহত অসংক্ৰামক ৰোগৰ পৰীক্ষা, ই কে ৱাই চিৰ পঞ্জীয়ন আৰু আয়ুষ্মান কাৰ্ড বিতৰণ, ‘আভা’ আই ডি সৃষ্টি, টেলি-পৰামৰ্শ, যোগাভ্যাস আদি কাৰ্যসূচী থাকিব। অহা ১৭ ছেপ্টেম্বৰত নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত, ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত খান্দাজান স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত মঠঙা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বালাবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত স্বাস্থ্য মেলা অনুষ্ঠিত হ’ব। জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকসকলক কয় যে অহা ২ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত প্ৰতিখন গাঁও পঞ্চায়ততে আয়ুষ্মান সভা অনুষ্ঠিত কৰা হ’ব। এই সভাসমূহত অসংক্ৰামক ৰোগ, আয়ুষ্মান কাৰ্ড, আভা আই ডি আদিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আলোচনা, বক্তৃতা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।উক্ত সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে আয়ুষ্মান ভৱ অভিযান সংক্ৰান্তত সাংবাদিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ।