নাজিৰাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম দিৱস উদযাপন

নাজিৰাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম দিৱস উদযাপন

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা ফুটবল একাদশৰ উদ্যোগত আৰু নাজিৰাবাসীৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ তম জন্ম দিৱসটি শুকুৰবাৰে নাজিৰাস্থ এম চি ক্লাবত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ কৰা হয়। পুৱা পৰিৱেশ নিকাকৰণ আৰু ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।ইয়াৰ পিছতে উক্ত দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।সত্যনাথ দাসে আঁত ধৰা মুকলি সভাৰ সভাপতিত্ব কৰে ৰবীন্দ্ৰনাথ দাসে । এই সভাতে তিনিটা শাখাত অনুষ্ঠিত কৰা চিত্ৰাংকণ আৰু দুটা শাখাত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰা হয় । এই সভাতে ড° ভূপেন হাজৰিকাদেৱৰ প্ৰায়বোৰ সৃষ্টিৰাজিক ভৱিষ্যত প্ৰজন্মলৈ সংৰক্ষণ কৰি ৰখা একান্ত অনুগামী আনছাৰুল ইছলাম বড়া আৰু ৰাজ্যিক ফুটবল খেলুৱৈ শান্তনু কুমাৰ গগৈক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।সভাত নিৰ্দিষ্ট বক্তা হিচাপে নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° জীৱন কলিতাই ড°  হাজৰিকাৰ সাহিত্য – সংস্কৃতি আৰু জীৱন দৰ্শন সম্পৰ্কে বিশদভাৱে বক্তব্য ৰাখে । ইয়াৰ উপৰিও অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শৰ্মা, নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰশান্ত কলিতা, নাজিৰা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বৰুৱা , ষ্টেট বেংক অৱ ইণ্ডিয়া চন্টক শাখাৰ সেৱা প্ৰবন্ধক নাইমা আমৃণ হুছেইন , নাজিৰা নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ড. অজয়লাল বৰুৱা , অ এন জি চি অনুসূচিত জাতি – জনজাতি কল্যাণ পৰিষদৰ সভাপতি ৰাজীৱ দেউৰী, সমাজ কৰ্মী ৰেখা বৰগোহাঁই, প্ৰদীপ দাস, সুনীল দাস , সাংস্কৃতিক কৰ্মী দিলীপ দাস , ভবানন্দ বৰা আদিৰ লগতে ভালেকেইজন গণ্য – মান্য ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।সন্ধিয়ালৈ সুধাকন্ঠৰ গীতত নৃত্য পৰিৱেশন আৰু ভূপেন্দ্ৰ সংগীত পৰিৱেশনৰ এটি সাংস্কৃতিক অনুষ্ঠানেৰে “৯৭ সংখ্যক ড° ভূপেন হাজৰিকাদেৱৰ জন্ম দিৱস” উদযাপন অনুষ্ঠানৰ সামৰণি পৰে।