গুৱাহাটী প্ৰেছ ক্লাবত ’স্বপ্নাৱেশ’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ’স্বপ্নাৱেশ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- দীন-জ্যোতি ফাউণ্ডেশ্যন এটি ব্যতিক্ৰমী অনুষ্ঠান৷ ৫ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত এখনি গ্ৰন্থ উন্মোচন কৰাৰ লগতে শিক্ষক দিৱসো উদযাপন কৰে । সম্ভৱনাময়ী লেখিকা চুমী ৰহমানৰ ষষ্ঠখন গ্ৰন্থ তথা প্ৰথমখন উপন্যাস ’স্বপ্নাৱেশ’ৰ শুভ উন্মোচন কৰা হয় । লোক সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক লীলাধৰ হাজৰিকা, উপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্য, লেখিকা, সমাজসেৱিকা স্বপ্নালী মহন্ত, শিক্ষক, লেখক তীৰ্থৰঞ্জন মহন্ত উপস্থিত থাকে।উক্ত সভাতে দুগৰাকী শিক্ষকক শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে ’দীনজ্যোতি শিক্ষা সাধনা’ বঁ‌টা প্ৰদান কৰে শিক্ষয়িত্ৰী মায়া প্ৰধান আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা ড° সত্যজিত দাসক। এসময়ত সকলোৰে প্ৰিয় অনাতাঁৰ শিল্পী কৰিশ্মা বেগম , কবি অলি বৰুৱা, সুগীতা গোস্বামী, টুটুমণি নাথ মেধি, ৰীণা বেগম, ডিজাইনাৰ জয়শ্ৰী মৰল , শিল্পী সংগীতা ৰাজকুমাৰীকে আদি কবি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানটো উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।