কেতিয়াবা নিজৰ ভুলতেই বৃদ্ধাশ্ৰমে পোখা মেলে অজানিতে মনে মনে….
দিপ্তী মনি গোস্বামী, লখিমপুৰ
সাংসাৰিক জীৱনৰ জীৱন যাত্ৰাত সকলোৱে নিজৰ উদৰ ঔৰষত এটি বা দুটি গজালি বিছাৰে সেই গজালি কালক্ৰমত এজোপা সৱল বৃক্ষ হৈ জন্ম দাতা জন্ম দাত্ৰীৰ ভৱিষ্যতৰ কণাৰ লাখুটি কৰিবলৈ । কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত বহু সংখ্যক অভিভাৱক সেই সৌভাগ্যৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হয়। তাৰ বাবে কিছু ক্ষেত্ৰত অভিভাৱক সকল কিছু পৰিমাণে নিজেই দায়ী।আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত, সেই দেশৰ সম্পদটি আমি সুৰক্ষিত ৰখা বা সুন্দৰ কৈ গঢ়ি পিটি এটি সুন্দৰ ৰূপ প্ৰদান কৰা সকলো অভিভাৱকৰে দায়িত্ব আৰু কৰ্তব্য। সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ যাওঁতে আমি শিশুটিয়ে ভাল পোৱা বেয়া পোৱা ৰুচি-অভিৰুচি সমূহৰ প্ৰতি ও মনোযোগ দিব লাগে। সাম্প্ৰতিক সমাজ ব্যৱস্থাত এটি অতিকৈ উল্লেখনীয় দিশ হৈছে প্ৰতিযোগিতামূলক মানসিকতা প্ৰতিযোগিতামূলক ভাৱধাৰা……”মোৰ সন্তান টি আনতকৈ ওপৰত থাকক, মোৰ সন্তানটি কিছু ব্যতিক্ৰমী হওক, অমুকৰ ল’ৰা ইঞ্জিনীয়াৰ হে আমি ডাক্তৰ বনাম, তমুকৰ ল’ৰা দিল্লীত পঢ়াইছে আমি আমেৰিকাত পঢ়াম” ইত্যাদি ইত্যাদি। অভিভাৱক হিচাপে এইবিলাক ধনাত্মক ভাৱধাৰা আৰু স্বভাৱিক কথা। কিন্তু, সেইখিনি কৰিম বুলি ভাবি লৈ শিশুটিক কুমলীয়া মগজত মস্ত গধূৰ বোজা জাপি দিব লগীয়া হয়। কাৰণ ভৱিষ্যত টো ভাল কৰিবলৈ যাওঁতে সৰুৰে পৰাই তাৰ কুচ-কাৱাজ আৰম্ভ কৰিব লগীয়াত পৰে, চাৰিও দিশতে শিশুটিক উপযুক্ত কৰি তুলিব লগাত পৰে।শিশু টিয়ে শুই উঠি আহি চকু মোহাৰি মোহাৰিয়েই স্কুললৈ যাব লাগে, স্কুলৰ পৰা আহি নাকে কাণে এগহা গুজি ইটোৰ পিছত সিটোৰ বিষয়ত ঘৰুৱা টিউচনত বহিব লাগে; তাৰ পিছত ৰাতি দহ বজাত ভাত খাই উঠি বিচনাত। এনেকৈয়ে এটা দিনৰ সমাপ্ত হয়। ৰবিবাৰৰ বন্ধ দিনটোত বিধে বিধে নাচৰ স্কুল, গানৰ স্কুল, ছৱি অঁকা স্কুল; ৰাতি আকৌ কিতাপৰ টেবুল! শিশু টিয়ে অনিচ্ছাকৃত ভাৱে একেখন ঘৰতে থকা ককাক-আইতাকৰ লগত অকণমান সময় অতিবাহিত কৰিবলৈ অপৰাগ হয়।কেতিয়াবা আকৌ ল’ৰা -ছোৱালী পঢ়োৱাৰ বা ভৱিষ্যত গঢ়াৰ স্বাৰ্থতেই মাক-দেউতাকে নিজৰ সন্তানক লৈ মূল ঘৰখনৰ পৰা বহু দূৰত থাকিব লগীয়াত পৰে। তেনে শিশু সকলে গাঁৱৰ বোকা পানীৰ লগত মুকলি পথাৰৰ লগত পৰিচিত হবলৈয়ে সুবিধা নাপায়। পখিলা খেদাৰ বয়সত লগৰীয়াৰ লগত অকণমান খেলা, হাঁহি ফূৰ্তি কৰি লগৰীয়াৰ সৈতে আৰ বাৰীত তাৰ বাৰীত গৈ বতৰ ফল খোৱা মাদকতাবোৰৰ পৰা বঞ্চিত হ’ব লগীয়াত পৰে। কেঁচা মাটিৰ গোন্ধেৰে জীপাল পৃথিৱীখনৰ সুবাস অনুধাৱন কৰিবলৈয়ে নেপায়, নিজৰ তেজ মঙহেৰে জড়িত সম্বন্ধ সম্পৰ্ক বোৰৰ একো আও ভাওৱে অনুভৱ কৰিবলৈ সক্ষম নহয়। আত্মীয়তাবোৰ এচুকত পৰি থাকে । খুৰা-খুৰী, পেহা-পেহী, মামা-মামী, বৰদেউতা-বৰমা আদিৰ দৰে সুবাসিত সম্পৰ্কবোৰৰ সান্নিধ্য বোৰ অচিনাকী হৈয়ে থাকে; আনকি সৰুৰে পৰা বাহিৰতে থকাৰ বাবে মাক-দেউতাকৰ প্ৰয়োজন ও মাথোঁ টকা-পইছাৰ মাজতে সীমাবদ্ধ থাকে! সেয়ে হয়তো উপযুক্ত বয়সত নিজকে প্ৰতিষ্ঠা কৰি বহুতো সন্তানে অকলশৰীয়া বৃদ্ধ মাক দেউতাকৰ বুকু উদং কৰি বাহিৰতে থাকিবলৈ ভাল পায়। আনহাতেদি বৃদ্ধ বয়সৰ অকামিলা হৈ পৰা পিতৃ -মাতৃ সকল অনিচ্ছা সত্বেও বৃদ্ধাশ্ৰমৰ আলহী হ’ব লগাত পৰে। কাৰণ পুতেক বোৱাৰীয়েকৰ সময়ৰো অভাৱ সদভাৱনাৰো অভাৱ!ফলত অন্তিম সময়তো হাহাকাৰ কৰি চকু মুদে মাক দেউতাকে ল’ৰা-ছোৱালীৰ এষাৰ মাত নুশুনাকৈ! কিছুমান বাহিৰত প্ৰতিষ্ঠিত হোৱা ল’ৰা -ছোৱালী বহু বছৰ ঘৰলৈ মাক-দেউতাকৰ ওচৰলৈ নহাকৈয়ে থাকে নানা অজুহাত দেখুৱাই। মাক- দেউতাকৰ অন্তিম মুহূৰ্ত্তত আহি নাপালেও তেওঁ লোকৰ একো আক্ষেপ নাথাকে কাৰণ সেই একাত্মৰ আঠাবোৰ তেওঁ লোকে অনুভৱে কৰিব নোৱাৰে।ক্ৰমান্বয়ে ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ অনুকৰণ প্ৰিয়তাৰ আবেশতেই নিজৰ সন্তানে বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি থকা নিজৰ দায়িত্ববোধ কৰ্তব্যসমূহ পাহৰি বা গুৰুত্বতা আৰোপ নকৰি বৃদ্ধাশ্ৰমত গটাই দি নিজে আজৰি হয় আৰু সেয়ে দিনে দিনে দেশত বা ৰাজ্যত অধিক বৃদ্ধাশ্ৰমে পোখা মেলি উঠে।