দক্ষিণ কামৰূপৰ মিৰ্জাত শ্ৰী কৃষ্ণৰ নৱ- নিৰ্মিত মন্দিৰ উন্মোচন 

দক্ষিণ কামৰূপৰ মিৰ্জাত শ্ৰী কৃষ্ণৰ নৱ- নিৰ্মিত মন্দিৰ উন্মোচন 

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- আজি দক্ষিণ কামৰূপৰ মিৰ্জাত শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰ নিৰ্মাণ সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণৰ নৱ— নিৰ্মিত মন্দিৰ উন্মোচন কৰাৰ লগতে জন্মাষ্টমী উদযাপন কৰা হয় ৷ দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে মাংগলিক অনুষ্ঠানটি উদযাপন কৰা হয় ৷ কাৰ্যসূচীত ৰাতিপুৱা শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰৰ দ্বাৰ উন্মোচন,ধৰ্মধ্বজা উত্তোলন,বন্তি প্ৰজ্বালন,প্ৰতিমা স্থাপন,পুষ্পাঞ্জলি প্ৰদান আৰু আৰু ভোগ বিতৰণ,আয়তিৰ নাম— প্ৰসংগ ইত্যাদিৰে মন্দিৰ উন্মোচন আৰু জন্মাষ্টমী উদযাপন কৰা হয় ৷