পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন

পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন

ৰঙিলী বাৰ্ত্তাসেৱা- পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন।সন্ধানহীন কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা।চশমা। গায়ত্ৰী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত। সন্ধানহীন মহিলা কনিষ্টবলগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিয়াৰ সন্দেহ কৰা হৈছে।শিলসাঁকো বিলত ডিউটী দিয়াক লৈ ক্ষুব্ধ হৈছিল গায়ত্ৰী। উচ্ছেদ অভিযানত ডিউটী দিয়া হৈছিল গায়ত্ৰীক। চাৰিদিন ধৰি ডিউটী দিয়া হৈছিল যদিও এদিনো যোৱা নাছিল গায়ত্ৰী। উল্লেখযোগ্য যে ৬ বছৰ ধৰি গুৱাহাটীত কৰ্মৰত গায়ত্ৰী হাজৰিকা।যোৱানিশাৰ পৰা ফোন ৰিচিভ কৰা নাছিল গায়ত্ৰীয়ে। আজি পুৱা ৫ বজাত শৰাইঘাট দলঙৰ নিৰাপত্তাৰক্ষীয়ে ফোন ৰিচিভ কৰে আৰু চেণ্ডাল উদ্ধাৰৰ কথা জনায় পৰিয়ালক। পৰিয়ালৰ লোক পুৱাই নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হয়। গায়ত্ৰী হাজৰিকাৰ ঘৰত আছে মাতৃ, ভাতৃ আৰু ভগ্নী। চাৰিদিন পূৰ্বে ঘৰৰ পৰা গুৱাহাটীলৈ আহিছিল গায়ত্ৰী।