ডিব্ৰুগড়ত মহিলা সবলীকৰণ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ নাচমিম ফাৰহীন আখতাৰ: মহিলা সবলীকৰণ কোষ গঠন

ডিব্ৰুগড়ত মহিলা সবলীকৰণ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ নাচমিম ফাৰহীন আখতাৰ: মহিলা সবলীকৰণ কোষ গঠন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড়ৰ অন্যতম সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ইয়াৰ প্ৰথমটো কাৰ্যসূচী ৰূপায়ন কৰা হয় আজি ৩/৯/২৩ তাৰিখে চহৰৰ উপকণ্ঠ অঞ্চল লালুকা গাঁৱৰ নৱ নিৰ্মিত কমিউনিটি হলত নাৰী সবলীকৰণৰ সজাগতা সভাৰ যোগেদি। উদ্যোক্তা অনুষ্ঠানৰ সভাপতি ডাঃ আহমেদউল্লা খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ নাচমিম ফাৰহিন আখতাৰে মহিলা সকলৰ কল্যাণৰ হকে এই অঞ্চলত এনেধৰণৰ এখন সভা অনুষ্ঠিত কৰাত তেখেত সকলৰ শিক্ষা, স্বাস্থ্য আৰু নিয়োগৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰাৰ এটি বাট মুকলি কৰি দিয়াৰ বাবে উদ্যোক্তা অনুষ্ঠানক শলাগ জ্ঞাপন কৰে।সমল ব্যক্তি ডo নাচমিম ফাৰহিন আখতাৰে আৰু কয় যে একো গৰাকী মহিলাই ঘৰ এখনত থাকি সমস্ত দায়িত্ব পালন কৰাৰ পাছতো ” কি কৰে” বুলি সুধিলে “একো নকৰোঁ ঘৰতে থাকো” বুলি কবলগীয়া কথাষাৰ কিমান বেদনাদায়ক সেই কথা সমাজ একোখনে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন । সাৱলীল প্ৰকাশ ভংগীৰে সমল বক্তা গৰাকীয়ে নাৰী সকলক নিজ গৃহৰ দায়িত্ব পালনৰ সমান্তৰালকৈ নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়। এই ক্ষেত্ৰত পুৰুষ সকলৰ সহযোগিতা যে একান্ত কাম্য তাক তেখেতে সজোৰে উত্থাপন কৰে। আজিৰ এই সভাতে গঠন কৰিব লগীয়া স্থানীয় কোষটিক ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ সমল ব্যক্তি গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।লালুকা অঞ্চলৰ গাঁও প্ৰধান অঞ্জু দাস, চাৰি নম্বৰ গাঁও পঞ্চায়তৰ সদস্যা জিন্নত আৰা বেগমক আৰু সভাখনি ৰূপায়নত বিশেষ ভাবে সহযোগিতা কৰা লালুকা মছজিদ পৰিচালনা সমিতিৰ সভাপতি আলহজ ৰহিম উদ্দিন আহমেদ আৰু অনুষ্ঠানটিৰ সমন্বয়ক ফেৰাজত আলিক একোখনিকৈ ফুলাম গামোচাৰে সন্মানিত কৰা হয়। উদ্যোক্তা অনুষ্ঠানৰ হৈ ডাঃ ফৌজিয়া চিৰিন হেকিম, ৰেহেণা বানু, নাহিদা পাৰবীন ইছলাম আদিকে ধৰি স্থানীয় কেবাগৰাকী মহিলাই সমল ব্যক্তি গৰাকীৰ সৈতে বাৰ্তালাপত অংশ গ্ৰহণ কৰে। এই সভাতেই স্থানীয় উদ্যমী ব্যক্তি আনিচুল হকক আহ্বায়ক হিছাপে লৈ পুৰুষ মহিলা সকলক লৈ এখনি ১৩ জনীয়া সদস্যৰে “লালুকা নাৰী সবলীকৰণ কোষ” গঠন কৰা হয়। সভাৰ পাছৰ চোৱা পৰিচালনা কৰা অনুষ্ঠানৰ উপ সভাপতি চেহিৰ আহমদৰ চমু মন্তব্যৰ পাছতেই শলাগৰ শৰাই আগ বঢ়ায় সম্পাদক এম হাছিম আলীয়ে।