বকুলকাইৰ বুকুত বাজি থাকে এটি সুহুৰি – মৃদুলা বৰুৱা

বকুলকাইৰ বুকুত বাজি থাকে এটি সুহুৰি
মৃদুলা বৰুৱা, তেজপুৰ
বোকাত লুতুৰী পুতুৰী
এজাক ৰোৱনী ছোৱালী
সিহঁতৰ হাতৰ পৰশত
সেউজীয়া হয় উদং পথাৰখনি ।
গান গাই ধেমালি কৰি
উভতি আহে
লগত আনে এমুঠি ৰঙীন হাঁহি
জুইয়ে পোৰা দুগালত
লাগি ৰয় বোকাৰ
অবশিষ্ট খিনি।
বাৰে বৰণীয়া দুপাট্টায়
লুকুৱাব নোৱাৰা সিহঁতৰ যৌৱন
নাচাওঁ বুলিয়ো চকু যায় বকুলকাইৰ
বুকুত উপচি পৰে
এটি মিঠা সিহৰণ।
দিন যায় মাহ হয়
সেউজীয়া পথাৰ
সোণোৱালী ৰূপ লয়
তেতিয়াও বকুলকাই বুকুত
বাজি থাকে
এটি দীঘল সুহুৰি।