সুৰীয়া বাঁহীৰ সুৰ – নমিতা কলিতা

সুৰীয়া বাঁহীৰ সুৰ

নমিতা কলিতা, গোলাঘাট 

এটি জোনাক গ’লা ৰাতিৰ
এমুঠি হালধীয়া সপোন,
সোঁৱৰণিৰ পৃষ্ঠাত তেজৰঙী হোৱা
এহালি চৰাইৰ গাঁথা।
মনাকাশত ফুলি উঠে
এপাহ ৰক্তাক্ত গোলাপ,
কিছু নিভাঁজ প্রত্যাশা।
ভাবলেশহীন এটি প্রশ্ন,
প্রণয় জানো হয়
কোনো কোলাহলৰ প্ৰতীক।
ভাগৰুৱা কঙ্কালৰ জিৰণি বেলাত,
শৰীৰৰ ভাজে ভাজে প্রাণ লয় এটি কাহিনী।
সময়ে চিনাকি দিয়া প্রেমিক হাইঠাৰ বিশ্বাস অবিশ্বাসৰ এহালিচা স্বাক্ষৰ।
ই জানো হ’ব পাৰে,
হৃদয় একাত্মবোধৰ এখন জোৱা খেল।
সেয়ে হয়তো হাস্যৰসত মেৰ খাই
এটি সুৰ গোপন,
এতিয়া যে দুভাগ ৰাতি ।
হৃদয় বলুকাত সপোন সন্মোহনী মোৰ,
জোনাকৰ ৰাগীত চিকমিক বিজুলি আঁকি
কোনে ৰজাই সেই সুৰীয়া বাঁহী