স্বাধীনতা দিৱস – অনামিকা  কলিতা

স্বাধীনতা দিৱস 

অনামিকা  কলিতা, শুৱালকুছি

১৯৪৭চনত  ১৫আগষ্টত এই দিনটোত আমাৰ দেশে স্বাধীনতা  পাই  ,২০০বছৰ ইংৰাজ শাসনৰ পৰা  মুক্তি লাভ কৰিছিল ।কিন্তু তাৰ লগে লগে এটি দুখৰ খবৰো ৰৈ আছিল। আমাৰ ভাৰত বৰ্ষ দুটা ভাগত বিভক্ত হৈছিল। হিন্দু/মুছলিম আমাক ধৰ্মৰ নামত বিভক্ত কৰি যোৱা ইংৰাজৰ কূটনীতি অভিসন্ধি সফল হৈছিল। ইংৰাজ সকলে প্ৰথমে ভাৰত বৰ্ষত বেহা বেপাৰৰ কাৰণে খোপনি পুতিছিল ।পিছত আমাৰ দেশৰ সমাজ ব্যৱস্থা সকলো নিৰীক্ষণ কৰি ,শাসন ভাৰ নিজৰ হাতলৈ নিয়ে।ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে তেওঁলোকে  শাসন ভাৰ চলাই ইংলেণ্ডৰ ৰাণী  এলিজা বেথে।তাৰ লগে লগে  এখন এখন কৈ ভাৰত বৰ্ষৰ প্ৰায় ৰাজ্য কোম্পানীৰ অধীন হয়।কিন্তু “ঝান্সী ৰাণী  লক্ষ্মীবাই” ইয়াৰ বিৰোধিতা কৰে।তেওঁৰ নেতৃত্বত ১৮৫৭ চনত প্ৰথম চিপাহী বিদ্ৰোহ আৰম্ভ হয় ।এয়াই ভাৰতৰ প্ৰথম এগৰাকী নাৰী যিয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ।নিজৰ ভূমি সুৰক্ষাৰ  স্বাধীনতাৰ  বাবে প্ৰথমটো খোজ আগবঢ়াইছিল।”মঙ্গল পাণ্ডে,ভকত সিং “ইত্যাদি অনেক দেশপ্ৰেমিকে, স্বাধীনতাৰ কাৰণে যুজি নিজৰ প্ৰাণ হাঁহি মুখে ত্যাগ কৰিছিল। স্বদেশক মুক্ত কৰাৰ কাৰণে  অনেক বীৰৰ গাঁঠা ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ ।অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ  অহিংসা আন্দোলন। অসহযোগ,দাণ্ডি যাত্ৰা ইত্যাদি দেশ খন ইংৰাজৰ হাতৰ পৰা মুক্ত কৰাৰ কাৰণে আন্দোলন চলাই।আমাৰ অসমৰ লোক সকলেও এই  আন্দোলনত ভাগ লয়।”কনকলতা /ভোগেশ্বৰ ফুকননি /কুশল কোঁৱৰ  “ইত্যাদি অনেক আই অসমীৰ সন্তানে দেশৰ বাবে শ্বহীদ হয়।সেই সকল বীৰ শ্বহীদলৈ প্ৰণাম যাছিলোঁ , যি সকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি স্বদেশ আৰু স্বজাতিৰ বাবে প্ৰাণ আহুঁতি দি দেশৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল।জনমভূমি আমাৰ আটাইতকৈ আপোন।আমি আমাৰ  স্বদেশৰ বাবে নিস্বাৰ্থভাৱে  দেশ সেৱা কৰা উচিত ।স্বদেশ থাকিলেহে আমি জীয়াই থাকিম । যদিও আমাৰ দেশ স্বাধীন হৈছে,স্বদেশ প্ৰেমৰ বন্দনাৰে মুখৰিত হৈছে,অথচ এই দেশতে কিমানজনে অনাহাৰে  কটাইছে তাৰ লেখ লকবলৈ কাৰো আহৰি নাই। ব্যক্তিগত  স্বাৰ্থৰ পূৰণৰ বাবে স্বদেশ স্ব-জাতিৰ কথা আওকাণ কৰি এক শ্ৰেণীৰ লোকে ,শাসক শ্ৰেণীৰ পদলেহন কৰি আহিছে ।তথাপিও স্বদেশক ভাল পোৱা একশ্ৰেণীৰ লোকৰ বাবেই আমাৰ দেশ আৰু জাতি সুৰক্ষিত হৈ আছে।”স্বাধীনতা ” শব্দটোত লুকাই থাকে  এখন দেশ সুখ সমৃদ্ধি সম্প্ৰীতিৰ আভাষ পোৱা যায়। জনগণৰ জাতীয় সংহতি সুদৃঢ়,দৰিদ্ৰতাৰ মুক্তি ,শিক্ষিত উন্নয়নশীল ৰাষ্ট্ৰ এখন গঢ়ি তুলিবলৈ প্ৰয়াস কৰা ।স্বাধীনতা বুলি ক’লে এখন দেশৰ দেশৰ কুটীৰ শিল্পবোৰৰ প্ৰগতি,অস্পৃশ্যতা দূৰী কৰণ, মাদক দ্ৰব্যৰ নিবাৰণ এশ এবুৰী সমস্যাৰ সমাধান। প্ৰগতিশীল চিন্তাধাৰা আগবঢ়াই নিবলৈ চেষ্টা কৰা ,তেতিয়া স্বাধীনতাৰ প্ৰকৃত অৰ্থত লাভ কৰিব।সমাজৰ সকলো অপশক্তিৰ সমুখত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দি এখন নিৰ্মল ,মানৱতবাদী সমাজ গঢ়ি তোলা উচিত।

জই আই অসম ,ভাৰত মাতা কি জয় ।