স্বাধীন ভাৰত – হিমাশ্ৰী বৰঠাকুৰ

PC - GizNext

স্বাধীন ভাৰত

হিমাশ্ৰী বৰঠাকুৰ, মঙ্গলদৈ

ভাৰত বর্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতেই ব্রিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। এই ঐতিহাসিক দিনটোক আমি প্রত্যেকজন ভাৰতীয়ই স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছো । ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগেছৰ নেতৃত্বত অহিংসা আন্দোলনৰ মাধমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বহুতো বিভাজনো সংঘটিত হয় । ‘স্বাধীন’ শব্দই স্বতন্ত্ৰ অৰ্থাৎ লোকৰ অধীন নোহোৱা বুজায় আৰু ‘স্বাধীনতা’ শব্দই লোকৰ তলতীয়া নোহোৱা অৱস্থাকেই বুজায় । ধনৰ দুখীয়া হলেও কোনো মানুহেই আনৰ হবলৈ নিবিচাৰে । মানুহৰ কহাহি নাই , আনকি সুন্দৰ সঁজাত বন্দী কৰি হোৱা পখী এটিয়েও উৰি যাৱৰ বাবে সদায় বিচাৰি থাকে।১৯৪৭ চনৰ ১৫ আগষ্টত প্রধানমন্ত্রী জৱাহৰ লাল নেহৰুয়ে দিল্লীৰ লাল কিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ভাৰতক জানিবলৈ হলে আমি স্বাধীনতা সংগ্ৰামৰ ইতিহাস জানিব লাগিব আৰু সংবিধান জানিব লাগিব আৰু আনফালে ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাবোৰ জানিব লাগিব।এই সংগ্রামখন বহুত কঠিন আছিল আৰু আজি আমাক স্বাধীনতা প্রদান কৰা সকলো সাহসী যোদ্ধালৈ আমি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছো |