স্বাধীনতা দিৱস – ৰঞ্জুশ্ৰী বৰ্মন

স্বাধীনতা দিৱস

ৰঞ্জুশ্ৰী বৰ্মন, গুৱাহাটী

হে দেশবাসী,
আহা…আহা…
আজিৰ এই পৱিত্ৰ স্বাধীনতা দিৱসত
কৰো সকলোৱে মিলিজুলি
এই মহাপৰ্ব পালন ।
গান্ধীৰ অহিংস নীতিৰে
কত’ সহস্ৰজনৰ…
ত্যাগ… সাধনাৰে ধন্য…মান্য
হৈ উঠিল স্বাধীনতা !
ক’ত বীৰ শ্বহীদৰ মাতৃয়ে
নিজ পুত্ৰক উছৰ্গি…
দেশৰ বাবে হাঁহিৰে ত্যাগি
জীৱনক কৰালে মহান !
সেয়ে আমিও পাহৰিব নালাগিব ,
দেশৰ হকে প্ৰাণ উৎসৰ্গিত
বীৰ শ্বহীদক।
হে দেশবাসী ,
আহা …আহা…
আজিৰ এই পৱিত্ৰ স্বাধীনতা
দিৱসত,
কৰো সকলোৱে মিলিজুলি
এই মহাপৰ্ব পালন !!