শিশু–কিশোৰৰ বাবে বিপদজনক হ’ব কোভিডৰ তৃতীয় ঢৌঃ সতৰ্কবাণী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী মেডিকলৰ অধ্যক্ষৰ

pc-scroll.in

অনলাইন বাৰ্ত্তাসেৱা-  শিশু–কিশোৰৰ বাবে বিপদজনক হ’ব তৃতীয় ঢৌ।দ্বিতীয় ঢৌত আক্ৰান্ত ৩৪,৩৩৩ গৰাকী শিশু–কিশোৰ।দেৱশিশুৰ পৰা আৰম্ভ কৰি ১০ মহীয়া, এবছৰীয়া শিশু আক্ৰান্ত।মৃত্যুৰ মুখত পৰিছে ১১মহীয়া শিশু। ৩ মাহত ৰাজ্যত ৩৪হাজাৰৰো অধিক শিশু COVIDত আক্ৰান্ত। ১০ৰ পৰা ১৮বছৰৰ শিশু আৰু কিশোৰ অধিক আক্ৰান্ত হৈছে, এই মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ কেশৱ মহন্তৰ । তেওঁ কয় যে প্ৰতিখন জিলাতে সাজু কৰা হৈছে শিশুৰ বাবে ICU। গুৱাহাটী মেডিকলৰ অধক্ষ্য লগতে কয় যে শিশুৰ  জ্বৰ-কাহ-বমি আৰু ডায়েৰিয়া হ’লে COVID TEST কৰাওক অতি সোনকালে।