পথৰুঘাটৰ কৃষক শ্বহীদৰ স্মৃতিত ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মানত ৰাষ্ট্ৰপতিৰ গুৰুত্ব প্ৰদান

পথৰুঘাটৰ কৃষক শ্বহীদৰ স্মৃতিত ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মানত ৰাষ্ট্ৰপতিৰ গুৰুত্ব প্ৰদান : পথৰুঘাট ভ্ৰমণৰ বাবেও আগ্ৰহ প্ৰকাশ

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-সমগ্ৰ দেশে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক স্বৰ্ণীল অধ্যায় ১৯৪২ চনৰ ৯ আগষ্টৰ ‘ভাৰত ত্যাগ’ আন্দোলনৰ ৮১ সংখ্যক বাৰ্ষিকী উদযাপন কৰি থকাৰ দিনটোতেই পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহ আৰু এই বিদ্ৰোহত অংশগ্ৰহণ কৰি বৃটিছৰ হাতত প্ৰাণাহুতি দিয়া সাতকুৰি কৃষকৰ সৰ্বোচ্চ বলিদানৰ বিষয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অৱগত হয় ৷ মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস আৰু ময়ূখ গোস্বামীয়ে যোৱা বুধবাৰে পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতি গৰাকীক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এতিয়াও উপেক্ষিত হৈ থকা এক বৰ্ণিল অধ্যায় ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু সাতকুৰি কৃষক শ্বহীদৰ আত্মত্যাগৰ বিষয়ে অৱগত কৰে ৷ ” জ্বালিৱানবালা বাগ’তকৈ পচিশ বছৰ পূৰ্বে সংঘটিত ১৮৯৪ চনৰ ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক গৌৰৱোজ্বল অধ্যায় আৰু এই বিদ্ৰোহে ৰাষ্ট্ৰীয় সন্মান আৰু স্বীকৃতি পালেহে কৃষক শ্বহীদ সকলৰ প্ৰতি ৰাষ্ট্ৰই শ্ৰদ্ধা জনোৱা হ’ব ৷ পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু এই বিদ্ৰোহত অংশগ্ৰহণ কৰি বৃটিছৰ গুলীত প্ৰাণাহুতি দিয়া শ্বহীদ সকলৰ স্মৃতিত এটি ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মান হ’ব লাগে ৷ বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন ঠাইত পথৰুঘাটৰ দৰে ঐতিহাসিক বিদ্ৰোহ সংঘটিত হৈছিল যদিও এনে বোৰ বিষয়ৰ ওপৰত বিশেষ চৰ্চা নোহোৱাত এনে গৌৰৱোজ্বল ঘটনা সমূহে ৰাষ্ট্ৰীয় স্বীকৃতি নোপোৱাটো অতি দুৰ্ভাগ্যজনক ” এইদৰে মন্তব্য আগবঢ়ায় ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ ৰাষ্ট্ৰপতি গৰাকীক পথৰুঘাট ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণ আন্তৰিকতাৰে গ্ৰহণ কৰি পৰৱৰ্তী অসম ভ্ৰমণৰ সময়ত পথৰুঘাট ভ্ৰমণ কৰি কৃষক শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷ সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময় দহ মিনিট ধাৰ্য কৰা আছিল যদিও ৰাষ্ট্ৰপতি গৰাকীয়ে তেখেতৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতো প্ৰায় পচিশ মিনিট সময় ব্যয় কৰি আলোচনাত মিলিত হয় ৷ জ্বালিৱানবালা বাগৰ শ্বহীদ সকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ১৯৫১ চনতেই ভাৰত চৰকাৰে প্ৰণয়ন কৰা ‘জ্বালিৱানবালা বাগ ৰাষ্ট্ৰীয় স্মাৰক আইন’ৰ দৰে এখন আইন প্ৰণয়ন কৰি এই কৃষক শ্বহীদ সকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ৷ সাক্ষাৎকাৰৰ সময়ত সাংসদ দিলীপ শইকীয়াই কামাখ্যা মন্দিৰৰ এটি স্মাৰক সহ এখন মুগাৰ বিহুৱান আৰু এখন আবেদন, বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে এটি উপহাৰ আৰু মঙলদৈ মিডিয়া চাৰ্কোলৰ সভাপতি ভাৰ্গৱ কুমাৰ দাস আৰু সম্পাদক ময়ূখ গোস্বামীয়ে এখনি ফুলাম বিহুৱান, এখন আবেদন পত্ৰ আৰু পদ্মশ্ৰী বঁটাৰে সন্মানিত অৰূপ কুমাৰ দত্তই ইংৰাজীত লিখা ‘পথৰুঘাট’ গ্ৰন্থ খন ৰাষ্ট্ৰপতি গৰাকীক অৰ্পণ কৰে ৷ ৰাষ্ট্ৰপতি মহোদয়াক সাক্ষাৎ কৰি ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু সাতকুৰি কৃষক শ্বহীদৰ আত্মত্যাগৰ বিষয়ে প্ৰথমবাৰৰ বাবে অৱগত কৰিব পৰাটো কেৱল দৰং জিলাৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবেই এক গৌৰৱৰ বিষয় ৷ ৰাষ্ট্ৰপতি মহোদয়াৰ আশাব্যঞ্জক সঁহাৰি আৰু পথৰুঘাট ভ্ৰমণৰ বাবে দেখুওৱা সদিচ্ছাই আমাক উৎফুল্লিত কৰি তুলিছে ৷ পথৰুঘাটৰ কৃষক শ্বহীদৰ ৰক্ত ৰঞ্জিত পূণ্য ভূমিত ৰাষ্ট্ৰপতি মহোদয়াক আদৰিবলৈ জিলা বাসী ৰাইজৰ লগতে আমি অতি আগ্ৰহেৰে বাট চাই আছো” এইদৰে কয় সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ৷