গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত  “বিশ্ব স্তনপান সপ্তাহ” পালন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত  “বিশ্ব স্তনপান সপ্তাহ” পালন

ৰঙিলী বাৰ্ত্তাসেৱা-   যোৱা ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎযাপিত হৈছে “বিশ্ব স্তনপান সপ্তাহ” । ইয়াৰ লগত সংগতি ৰাখি মাতৃদুগ্ধৰ উপকাৰিতা আৰু স্তনপানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন ঠাইত “বিশ্ব স্তনপান সপ্তাহ” পালন কৰা হয়। যোৱা ০৩/৮/২০২৩ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত “Enabling Breastfeeding : Making a difference for working parents” শীৰ্ষক চিকিৎসা শিক্ষাৰ এক বিশেষ অধিবেশন (চি এম ই) অনুষ্ঠিত কৰে। সহযোগ কৰে ৰ’টাৰী ক্লাব অৱ গুৱাহাটী আইকনে । আৰম্ভণিতে কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজাই বিষয়বস্তুৰ উদ্দেশ্য আৰু আদৰণি ব্যাখ্যা আগবঢ়ায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই সভাৰ উদ্ধোধন কৰে আৰু উদ্ধোধনী ভাষণত মাতৃ দুগ্ধপানৰ প্ৰয়োজনীয়তাৰ ওপৰত ব্যক্তব্য আগবঢ়াই । উল্লেখযোগ্য যে এই অধিবেশনত মাতৃ দুগ্ধপানৰ উপকাৰী গুণ আৰু বিশেষ প্ৰয়োজনৰ উপৰিও, এই বিষয়ত ভাৰত চৰকাৰে আইনগত ভাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই বিষয়েও আলোচনা কৰা হয়। মাতৃ দুগ্ধপানৰ বিষয়ে চৰকাৰে গ্ৰহণ কৰা সজাগতা মূলক পদক্ষেপ আদিৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয়। কমিউনিটি মেডিচিন বিভাগ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অন্যান্য বিশেষজ্ঞ চিকিৎসক সকল আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীয়ে উক্ত অধিৱেশনত অংশগ্ৰহণ কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ সহকাৰী অধ্যাপিকা ডাঃ মেহজেবিন হাইদৰ হাজৰিকা তথা সহযোগী অধ্যাপিকা ডাঃ মৌচুমী কৃষ্ণাত্ৰেয়াৰ সমল বক্তৃতাৰে চি এম ই সূচাৰুৰূপে সম্পাদন কৰা হয়। সৰ্বশেষত কমিউনিটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ চিন্ময়ী বৰঠাকুৰে শলাগৰ শৰাই আগবঢ়ায়। তাৰোপৰি মাতৃসকলক স্তনপান সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যে যোৱা ২ আগষ্ট আৰু ৪ আগষ্টত ক্ৰমে উলুবাৰীৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আৰু পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ অধীনস্থ অংগনবাদী কেন্দ্ৰত দুটা সজাগতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় য’ত মাতৃদুগ্ধ সন্দৰ্ভত বিস্তাৰিত ভাবে আলোকপাত কৰা হয়। শিশুসকলক জন্মৰ পৰা ৬ মাহ বয়সলৈকে কেৱল মাতৃৰ দুগ্ধ পান কৰাৰ বাহিৰে অন্য কোনো বস্তু শিশুক যাতে নিদিয়ে তাক লৈ সজাগতামূলক ভাষণ প্ৰদান কৰা হয়। এই সজাগতা মূলক অনুষ্ঠানত দুগ্ধপান কৰোৱা মাতৃ সকলৰ উপৰিও আশাকৰ্মী, ধাত্ৰী সকল, স্বাস্থ্য কৰ্মী, চিকিৎসক তথা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।