শাওনৰ নিশাত
দিপ্তী মনি গোস্বামী, লখিমপুৰ
শাওনৰ গভীৰ নিশাত
এজাক মূষলধাৰ বৰষুণ,
জোনটোৱে ভূমুকিয়াই চায়
বেৰৰ জোলোঙায়েদি ।
উৎকট গৰমতো
কলাঘুমতি ভাঙে দেউতাৰ,
সপোনে ৰিঙিয়াই মাতে
আঘোণৰ দুপৰলৈ।
মেটমৰা ধানৰ ভাৰ
আৰু ৰবাৱ টেঙা,
জিভাৰ পানী পৰে
গাটো ও বিষায় উঠে।
উজ্বলি উঠা চকুজুৰিয়ে
টোপনিক জয় কৰি
পৰিকল্পনা ৰচে
বাৰীতে লাগি থকা বাম মাটি ডৰালৈ।