মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ আৰু ৰাজ্য চৰকাৰ ভংগৰ আহ্বান অসম জাতীয় পৰিষদৰ

Pc Wikipedia

মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ আৰু ৰাজ্য চৰকাৰ ভংগৰ আহ্বান অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিশিষ্ট আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে যোৱা ৪ মে’ত মণিপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণেৰে ৰাজ্যখনত শীঘ্ৰে আইন-শৃংখলা ব্যৱস্থা বাহাল আৰু কেন্দ্ৰ চৰকাৰৰ তৎকালীন হস্তক্ষেপৰ দাবী জনাইছে৷ এন বীৰেণ সিঙৰ নেতৃত্বাধীন চৰকাৰখনক ৰাজ্যত চলি থকা অশান্তিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুৰামাত্ৰাই বিফলতাৰ সাপেক্ষে জবাবদিহি কৰি তাৎক্ষণিকভাৱে চৰকাৰ ভংগকৰণৰ হেতু দলটোৱে আহ্বান জনাইছে।বিগত দুটা দিন ধৰি সামাজিক মাধ্যমত প্ৰচাৰিত, দুগৰাকী কুকি মহিলাক বিবস্ত্ৰা হ’বলৈ বাধ্য কৰি যৌন নিৰ্যাতন চলাই ৰাজহুৱা সমদলত ভাগলোৱাৰ দৰে পৈশাচিক আনন্দৰ ভিডিঅ’ৰ চৰ্চাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে। প্ৰাপ্তখবৰ অনুসৰি এই ঘটনাৰ সময়ত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ বিপৰীতে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা আন এজন দুৰ্ভগীয়া ব্যক্তিকো উন্মত্ত দুৰ্বৃত্তই হত্যা কৰিছে।ঘটনাৰ সময়ত মণিপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থকাৰ অভিযোগত, ভুক্তভোগীক পৰ্যাপ্ত সুৰক্ষা প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ সমগ্ৰ শাসনব্যৱস্থা আৰু কৰ্তৃপক্ষৰ সঁহাৰিৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। ৩ মে’ৰ পৰা মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা বৃহত্তৰ ধাৰাবাহিক সংঘৰ্ষৰ ফলত ১৪০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে, বহুতো লোক আহত হৈছে, আৰু প্ৰায় ৬৫ হাজাৰ লোক স্থানচ্যুত হৈছে। অসম জাতীয় পৰিষদে সমগ্ৰ ঘটনাক গৰিহণা দি পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অযোগ্যতা আৰু নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰিছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰতি “ডাবল ইঞ্জিন” চৰকাৰৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু বিশেষকৈ প্ৰধানমন্ত্ৰীৰ মৌনতা আৰু হস্তক্ষেপৰ অভাৱক লৈ দলটোৱে হতাশা প্ৰকাশ কৰিছে।অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে এই সন্দৰ্ভত কয়, “এই ঘটনাই ৰাজ্যখনত নিৰপেক্ষ অৰাজকতা প্ৰমাণ কৰিছে আৰু ইয়াৰ হেতু চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন। দক্ষতাৰ অভাৱনীয় ব্যৰ্থতা, কৰ্তৃপক্ষৰ সহযোগিতা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিষ্ক্ৰিয়তা কেৱল মণিপুৰৰ জনসাধাৰণৰ বাবেই নহয় দেশৰ সকলো নাগৰিকৰ বাবেও যন্ত্ৰণাদায়ক হৈ উঠিছে , যি অত্যন্ত অপ্ৰত্যাশিত ৷এই ঘটনাৰ ভিডিঅ’ প্ৰত্যক্ষৰ প্ৰতিক্ৰিয়া স্বৰূপে মাননীয় উচ্চতম ন্যায়ালয়ে তীব্ৰ আপত্তি দৰ্শাইছে আৰু স্বয়ং ন্যায়াধীশে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে ৷ ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নিশ্চিত কৰিছে যে এই গোচৰৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে।অসম জাতীয় পৰিষদে দেশৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী আৰু মণিপুৰ ৰাজ্য চৰকাৰক মণিপুৰৰ শান্তি আৰু স্বাভাৱিক জীৱন ঘূৰাই অনাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছে । সংকট দূৰীকৰণৰ লগতে নিৰীহ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো সাহায্য আগবঢ়াবলৈ সাজু হৈছে দলটো।মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সজাগ কৰি ভুক্তভোগীৰ ন্যায় আৰু দায়ীসকলৰ উচিত শাস্তি দাবীৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ দলটোৱে সকলো সংবাদগোষ্ঠী আৰু ৰাইজলৈ আহ্বান জনাইছে।