সংগীত আৰু ভাষা বিষয়ক প্ৰশিক্ষণ শিবিৰ

সংগীত আৰু ভাষা বিষয়ক প্ৰশিক্ষণ শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৯ জুলাইৰ পৰা ১৩ জুলাইলৈ মহানগৰীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘জুবিন চৰ্চা- ছিজন ছেভেন’ শীৰ্ষক অংশগ্ৰহণকাৰীৰ সংখ্যাৰে অসমৰ বৃহত্তম ‘সংগীত আৰু ভাষা বিষয়ক প্ৰশিক্ষণ শিৱিৰ’ অনুষ্ঠিত হৈ যায় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৭২ গৰাকী প্ৰশিক্ষাৰ্থীক গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক মৃণালকান্তি মেধি, কণ্ঠশিল্পী চয়নিকা ভূঞা, শাস্ত্ৰীয় সংগীতৰ সাধক তথা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা, কণ্ঠশিল্পী অনুপম শইকীয়া আৰু গীতিকাৰ, সুৰকাৰ দিগন্ত ভাৰতীয়ে প্ৰশিক্ষণ আগবঢ়ায় ৷ উল্লেখ্য যে প্ৰয়াত কণ্ঠশিল্পী ভিটালি দাসৰ সোঁৱৰণত উছৰ্গা কৰা প্ৰশিক্ষণ শিৱিৰৰ ২য় দিনৰ অনুষ্ঠানত উপস্থিত হোৱা ভিটালি তনয়া তথা সুগায়িকা কমলিকা কাশ্যপে গীত পৰিৱেশন কৰি প্ৰশিক্ষাৰ্থীসকলৰ লগতে উপস্থিত সকলোকে আৱেগিক কৰি তোলে ৷ প্ৰণিধানযোগ্য যে অনুষ্ঠানত সদ্যপ্ৰয়াত স্বনামধন্য কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা তথা জনপ্ৰিয় অভিনেতা বিজয় শংকৰ শইকীয়াৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰা হয় ৷ প্ৰশিক্ষণ শিৱিৰৰ সামৰণি অনুষ্ঠানত ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই ‘জুবিন চৰ্চা’ৰ মুখপত্ৰ ‘অভেদ্য জুবিন’ উন্মোচন কৰে ৷ অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা, জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, সঙ্গীত পৰিচালক উমেশ নাথ,ৰূপালী কাশ্যপ, ‘জুবিন চৰ্চা’ৰ মুখপত্ৰৰ সম্পাদিকা গীতা দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷