প্ৰস্তাৱিত দৰং লোকসভা সমষ্টিৰ নাম সলনিৰে ভৈৰৱকুণ্ড কৰাৰ প্ৰতিবাদত তীব্ৰ গণ বিক্ষোভ দৰং বাসীৰ ভোট বৰ্জনৰ হুংকাৰেৰে তীব্ৰ প্ৰতিবাদত উত্তাল মঙলদৈ

প্ৰস্তাৱিত দৰং লোকসভা সমষ্টিৰ নাম সলনিৰে ভৈৰৱকুণ্ড কৰাৰ প্ৰতিবাদত তীব্ৰ গণ বিক্ষোভ দৰং বাসীৰ ভোট বৰ্জনৰ হুংকাৰেৰে তীব্ৰ প্ৰতিবাদত উত্তাল মঙলদৈ

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ নিৰ্বাচন আয়োগে ৮ নম্বৰ মঙলদৈ লোকসভা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে দৰং লোকসভা সমষ্টি কৰাৰ প্ৰস্তাৱ দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছিল সমষ্টিবাসীয়ে। কিন্তু অসম চৰকাৰৰ কেবিনেটে দৰং লোকসভা সমষ্টিৰ সলনি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড লোকসভা সমষ্টি কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰস্তাৱ দিয়াত জাঙুৰ খাই উঠিছে সমগ্ৰ দৰং জিলাবাসী। ইয়াৰ প্ৰতিবাদত দৰং লোকসভা সমষ্টি দাবী সমিতিয়ে মঙলদৈ জিলা পুথিভঁৰালৰ সন্মুখত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত দাবী সমিতিৰ সভাপতি বিশিষ্ট চিকিৎসক, সুসাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ, বৰ্ষীয়ান মানৱতাবাদী নেতা ৰামেশ্বৰ শৰ্মা, আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উপদেষ্টা চহিৰ ভূঞা, অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, দৰং লোকসভা সমষ্টি দাবী সমিতিৰ সম্পাদক তথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আদিয়ে প্ৰস্তাৱিত ভৈৰৱকুণ্ড লোকসভা সমষ্টিৰ তীব্ৰ বিৰোধিতা কৰি উদাত্ত ভাষণ আগবঢ়ায়। তেওঁলোকে কোনো কাৰণতে দৰংৰ ইতিহাস আৰু স্বাভিমান জড়িত মঙলদৈ তথা দৰং লোকসভা সমষ্টিৰ পৰিৱৰ্তে ভৈৰৱকুণ্ড লোকসভা সমষ্টি হবলৈ নিদিয়ে বুলি কৈ ‘ভৈৰৱকুণ্ড সমষ্টি আমাক নালাগে’ বুলি হুংকাৰ দিয়ে। প্ৰয়োজন সাপেক্ষে দৰং বাসীয়ে ভোট বৰ্জন কৰিব বুলিও প্ৰতিবাদকাৰী সকলে উদাত্ত কন্ঠে কয়। গণ বিক্ষোভকাৰী সকলৰ প্ৰতিবাদত উত্তাল হৈ পৰে মঙলদৈ। কাইলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত দৰং লোকসভা সমষ্টি দাবী সমিতিয়ে মঙলদৈ অথবা দৰং লোকসভা সমষ্টিৰ প্ৰস্তাৱ বাহাল ৰাখিবলৈ দাবীপত্ৰ প্ৰদান কৰিব। আনহাতে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবলৈ দৰঙৰ উপায়ুক্তৰ জৰিয়তে পৃথক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। দৰংৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি চাংমাই বিক্ষোভস্থলীত উপস্থিত হৈ উপায়ুক্তৰ হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে।