ইম্ফলত ৰাহুল গান্ধী গ’ বেক’ শ্লোগান 

Pc NDTV.com

ইম্ফলত ৰাহুল গান্ধী গ’ বেক’ শ্লোগান 

ৰঙিলী বাৰ্ত্তাসেৱা- অশান্ত মণিপুৰৰ পৰিস্থিতি জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে। সংঘর্ষপীড়িত মণিপুৰৰ ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শনৰ বাবে ৰাহুল গান্ধী ৰাজ্যখনত উপস্থিত হোৱাৰ পিছতে নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়। পুৱা বিমানযোগে ইম্ফলত অৱতৰণ কৰাৰ পিছত কনভয়ৰে ৰাহুল গান্ধীয়ে সংঘর্ষ পীড়িত চূড়াচন্দ্ৰপুৰ জিলালৈ গৈ থকা অৱস্থাত বিষ্ণুপুৰৰ সমীপত আৰক্ষীয়ে ৰাহুল গান্ধীৰ কনভয়ক বাধা দিয়ে আৰু উক্ত অঞ্চললৈ যাবলৈ অনুমতি নিদিলে। ইয়াকে লৈ বিষ্ণুপুৰ অঞ্চলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ৰাহুল গান্ধীয়ে সংঘর্ষপীড়িত মণিপুৰ পৰিদৰ্শন কৰাক লৈ বিজেপিয়ে তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কার্যতঃ কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৰাজনৈতিক বাকযুদ্ধ চলিছে। চূড়াচন্দ্ৰপুৰ জিলা ভ্রমণলৈ যোৱা ৰাহুল গান্ধীক বিষ্ণুপুৰত বাধা দি আৰক্ষীয়ে ইম্ফললৈ ওভতাই পঠিয়ায়। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ পিছতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধী গ’ বেক’ শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এটা সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষ হয়। উত্তেজিত প্রতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছে নিক্ষেপ কৰে। প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতে প্ৰতিবাদকাৰীসকল ছেলেলি- ভেদেলি হৈ যেনিয়ে তেনিয়ে দৌৰাদৌৰি কৰোতে কেইবাজনো আহত হৈছে।