চকুলো – জেফলিন চুলতানা

Pc Clarity Eye Center
চকুলো
জেফলিন চুলতানা, নগাঁও
ভাগৰা নাই তাই
কেতিয়াও নাভাগৰে
কাৰণ …
বিষাদতেই হেনো তাইৰ জন্ম ।
সময়ৰ পাতত বাৰে বাৰে
লিখি যাব খোজে
ছন্দ বিহীন কবিতা
প্ৰতিটো শব্দত কেৱল ‌স্পষ্ট হ’ব খোজে…!!
ৰক্ত গোলাপৰ অভিমান ।
নিসংগতাৰ বালিচৰত নিঃশব্দতাই
তাইক লৈ যেন বাৰে বাৰে ইতিকিং কৰিছে
নদীৰ পাৰত ৰাস্তাৰ কাষত যেন
বৈ যায় তাইৰ দুখৰ হুমুনিয়াহ ।
চলচলীয়া চকুত যেন
পগলা অনুভূতিৰ দুখৰ হুঁচৰি
তথাপিও তাই নিৰৱ
আৰু নিৰৱ হৈ শুনি যায়
চকুলোৰে ভৰা একো একোটা জীয়া কাহিনী ।
বাৰে বাৰে লিখিব খোজে ..!!
তেজৰ সম্পৰ্কৰ মানুহবোৰক হেৰুৱাৰ বেদনা
বাৰে বাৰে যুঁজ দিব খোজে …!!
সেইসকলক বুকুত বান্ধি ৰাখিবলৈ ।
বিষাদবোৰ ধুই চাফা কৰি  নিবপৰাকৈ
যদি  তাইৰ দুচকুৰে বৰ্ষা নমাব পাৰিলেহেতেন
জীৱনৰ কঠোৰ সময়ছোৱা তাই
অনুভৱ নকৰাকৈয়ে চকুলো টুকিলেহেতেন ।