ৰাষ্ট্ৰ ভাষা হিন্দীৰ বিষয়ে কিছু কথা – লখিমী  শৰ্মা

PC - unvoicedmedia
ৰাষ্ট্ৰ ভাষা হিন্দীৰ বিষয়ে কিছু কথা 
লখিমী  শৰ্মা, যোৰহাট
কোনো এটা ভাষাৰ সাহিত্যৰ জ্ঞান সেই ভাষাৰ উদ্ভৱ , স্বৰূপ আৰু বিকাশৰ কথা নাজানিলে অসম্পূৰ্ণ হৈ ৰয় । সাহিত্যই ভাষা ৰূপী শৰীৰ ধাৰণ কৰিহে আগবাঢ়ে ।এই কাৰণে কোনো ভাষাৰ উৎপত্তি আৰু বিকাশৰ কথা যদি বুজি নলওঁ তেতিয়ালৈকে তাৰ সাহিত্য সম্পূৰ্ণ ৰূপে বুজি পোৱাটো আমাৰ বাবে কষ্ট সাধ্য হৈ পৰে । কোনো এটা ভাষা সহজতে সৃষ্টি হোৱা নহয় , তাৰ অন্তৰালত এটা বিশাল পৰম্পৰা আছে । এটা ভাষাই কালান্তৰে বিকশিত হৈ অনেক ৰূপ ধাৰণ কৰে ।হিন্দী ভাষা উৎপত্তি আৰু বিকাশ সম্পৰ্কে এটা নতুন মত প্ৰতি পাদন কৰা হৈছে আৰু এইটোৱেই হৈছে হিন্দী ভাষা ! যাৰ জৰিয়তে আৰম্ভৰ পৰাই মানুহে ভাৱ আদান প্ৰদান কৰে । অন্য সংস্কৃত আদি পুৰণি ভাষা আছিল যদিও ই সাহিত্যিক ভাষাহে আছিল বাৰ্তালাপ হীন আছিল । এতেকে হিন্দী ভাষাৰ বিকাশৰ সংস্কৃত প্ৰাকৃত ভাষাৰ অপভ্ৰংস ৰূপ নেদেখি স্বত্বন্ত্ৰৰূপেৰে চাব লাগিব । কালান্তৰত হিন্দী ভাষাৰ পক্ষপাতিতা বাঢ়ি গ’ল । এই কাৰণে হিন্দী ভাষাক সৰ্বভাৰতীয় ভাষা হিচাপে মানি ল’লে ।হিন্দী ভাষাৰ বিকাশ প্ৰায় ১০০০ চনৰ আশে – পাশে বুলি মনা হয় । ইয়াৰ কাৰণ এইটোৱেই যে , এই সময়ৰ পৰা হিন্দী ভাষাৰ প্ৰয়োগ সাহিত্যিক ভাষাত হৈছিল । কোনো ভাষাৰ অস্তিত্ব থাকিলে নহয় , যেতিয়া সাহিত্যত প্ৰয়োগ হয় তেতিয়াৰ পৰাহে ভাষাৰ জন্ম মনা হয় । এই কাৰণে হিন্দী ভাষাক ১০০০ চনৰ পৰাহে সাহিত্যিক ভাষাৰ স্বীকৃতি দিয়া হয় ।বিশ্লেষণ কৰিলে দেখা যায় যে হিন্দী ভাষা আৰু তাৰ সাহিত্য অন্য বিভিন্ন দেশত অধ্যয়ন আৰু অধ্যাপনৰ বিষয় হৈছে । বিভিন্ন দেশত হিন্দীৰ অধ্যয়ন দুটা কাৰণত কৰা হৈছে । বিশ্ব ভাষা শাস্ত্ৰী সকলে ভাৰতীয় ভাষাৰ ভিতৰত হিন্দী ভাষাকহে সৰ্বাধিক মহত্বপূৰ্ণ স্থান দিছে । এই কাৰণে ভাষা শাস্ত্ৰৰ দৃষ্টিৰে তাৰ অধ্যয়ন আৰু বিশ্লেষণ কৰিছে। এই কাৰণেই বিদেশত হিন্দী ভাষা শিকাৰ প্ৰবৃত্তি বাঢ়িছে । দ্বিতীয় কাৰণ এইটোও হ’ব পাৰে যে কিছুমান দেশৰ ভাৰতৰ প্ৰতি আকৰ্ষণ আছে । তাৰ মানুহে ভাৰতৰ ইতিহাস , সংস্কৃতি , সভ্যতা অধ্যয়ন কৰিব বিচাৰে । এই কাৰণে হিন্দী ভাষা আৰু তাৰ সাহিত্যিক প্ৰমুখ সাধন বুলি মানে।এই প্ৰবৃত্তি ৰুচ , চেকোশ্লোভেকিয়া আদি সাম্যবাদী দেশত অধিক পোৱা যায় । বিদেশীসকলে ইংৰাজীক ভাৰতৰ সম্পৰ্কীয় ভাষা হিচাপে নেমানে হিন্দীক হে মানে । বিদেশত হিন্দীৰ প্ৰচাৰ আৰু অধিক বাঢ়িলেহেঁতেন যদি বিদেশত থকা দুতাবাসত ইংৰাজীৰ ঠাইত হিন্দী ভাষাৰ প্ৰয়োগ কৰিলেহেঁতেন । বিদেশৰ দুতাবাসত হিন্দী ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰিব পাৰে । কিয়নো হিন্দীহে ভাৰতৰ ৰাষ্ট্ৰভাষা ইংৰাজী নহয় । যদি বিদেশত থকা কৰ্মচাৰী আৰু অধিকাৰীসকলে হিন্দী ব্যৱহাৰ কৰে তেতিয়া হিন্দী ভাষাক মৰ্য্যাদা পূৰ্ণ দৃষ্টিৰে চাব । পণ্ডিত জৱাহৰলাল নেহৰুৱেও নিজৰ ভাৰতীয় দুতাবাসত এই কথাৰ কাৰণে সাৱধান কৰি দিছিল যে , বিদেশত হিন্দী ব্যৱহাৰ কৰে আৰু হিন্দীত হে বাৰ্তালাপ কৰে । ইয়াৰ কাৰণে প্ৰয়োজন হ’লে দুভাষিয়ো ল’ব লাগে । কিন্তু আমাৰ বিদেশ বিভাগে এই কথা বিবেচনা নকৰিলে । আজিও ইংৰাজী ভাষাহে দুতাবাসত চলি থাকিল যিটো কথা দেশৰ কাৰণে লজ্জাজনক আৰু অপমানজনক।ভাৰতবৰ্ষত আজিও ইংৰাজী ভাষাহে স্থিৰ হৈ আছে । আজি আমাৰ দেশত ইংৰাজীৰ স্থান সকলোতকৈ উচ্চ মানি আছে । অধিকাংশ ভাৰতীয়ৰ মাজত এই ভ্ৰম উৎপন্ন হৈছে যে , বিশ্বৰ একমাত্ৰ এনেকুৱা ভাষা ইংৰাজীহে যাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰি । যেন ইংৰাজীহে বিশ্বভাষা । এই ভ্ৰমত পৰা লোকসকলে হয়টো এই কথা নাজানে যে ইংৰাজীৰ মূল দেশ ইংলেণ্ডৰ পৰা ২০ – ২৫ কিঃ মিঃ দূৰত্ব ইংলিচচেনেল পাৰ হৈ ফ্ৰান্সত ভৰি দিব তেতিয়া তাত ইংৰাজী বুজা আৰু কোৱা মানুহ অতি কমহে পোৱা যাব । যেতিয়া ইংৰাজী ইউৰোপৰেই সম্পৰ্কীয় ভাষা নহয় তেতিয়া হ’লে গোটেই বিশ্বৰ সম্পৰ্ক ভাষা কেনেকৈ হ’ব ? এই সত্য ভাৰতৰ ইংৰাজী প্ৰেমিকসকলক কোনে বুজাব ? যিহেতু ভাৰত এখন স্বাধীন দেশ গতিকে নিজৰ ৰাষ্ট্ৰীয় ভাষাটো নিজে সন্মান কৰিব লাগে।আমি আজি এই কথাক গৰ্ব কৰিব পাৰোঁ যে , বিশ্বৰ অধিকাংশ দেশেই হিন্দী ভাষা বুজে আৰু ক’বলৈ বিচাৰে । ১৯৭৫ চনত নাগপুৰত হোৱা প্ৰথম বিশ্ব হিন্দী সন্মিলনত ভাৰতৰ আহিন্দী ভাষী আৰু হিন্দী সাহিত্যকাৰ সকলৰ লগতে বিশ্বৰ প্ৰথম শাৰীৰ সাহিত্যিকে ভাগ লৈছিল । এই সন্মিলনত ভাগ ল’বলৈ অহা বিদেশী বিদ্বান সকলেও হিন্দী সম্বন্ধে নিজৰ মত ব্যক্ত কৰিছিল । এই সন্মিলনৰ দ্বাৰাহে অধিকাংশ হিন্দী ভাষীয়ে জানিব পাৰিলে যে হিন্দী বিশ্বৰ এটা লোকপ্ৰিয় ভাষা । কিন্তু হিন্দী সন্মিলনত ভাগ ল’বলৈ অহা বিদেশী অতিথিৰ লগত হিন্দী ভাষা বিদ্বানে ইংৰাজীতহে কথাবাৰ্তা পাতিছিল । এই অতিথিসকলৰ মনত সেই সময়ত কি প্ৰতিক্ৰিয়া হৈছিল বাৰু ? ইয়াৰ কল্পনা এইসকলে কৰিব পাৰিবনে ? আমি ৰাষ্ট্ৰভাষা আৰু ইয়াৰ মহত্ব কেতিয়া বুজিম ।এটা জাতিৰ পৰিচয় দিবলৈ নিজৰ সভ্যতা , সংস্কৃতি , ভাবভাষা , সাজ – পোচাকৰ প্ৰয়োজন । আমাৰ ইয়াত কোনটোৰ অভাৱ। আমি যে পশ্চিমীয়া সভ্যতাৰ যিখিনি অনুকৰণ কৰিবলগীয়া সেইখিনি কৰিব পৰা নাই ।শ্ৰীমন্ত শংকৰদেৱ যেতিয়া তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া তেওঁ এই কথা অনুভৱ কৰিছিল যে এখন প্ৰদেশৰ পৰা আনখন প্ৰদেশৰ মানুহৰ মাজত মনৰ ভাৱ প্ৰকাশ কৰাত অসুবিধা হয় । গতিকে এখন দেশত সকলো জনা বুজা ভাষা হ’ব লাগে । যিটো হিন্দী ভাষাকে এতিয়া ৰাষ্ট্ৰভাষাৰ মৰ্য্যদা দিয়া হৈছে । এই ভাষাৰ দ্বাৰাই আমি সৰ্বভাৰত ভ্ৰমণ কৰিব পাৰোঁ । আৰু স্বাধীনতাৰ কালৰ  গোপীনাথ বৰদলৈ দেৱেও অনুভৱ কৰিছিল যে ৰাষ্ট্ৰভাষা অবিহনে ৰাষ্ট্ৰ বোবা। গতিকে বিদেশী ভাষাতকৈ আমাৰ দেশীয় ৰাষ্ট্ৰ ভাষাক অধিক মৰ্য্যদা দান কৰিব লাগে।