আত্মাৰ বিননি – নাছিৰ আহমেদ

PC - Adobe Stock
আত্মাৰ বিননি
নাছিৰ আহমেদ ,গোৱালপাৰা
এলান্ধুৰে ঘৰটো ভৰি পৰিছে।
এডাল বাঢ়নী পোৱা হ’লে,
এলান্ধু ঢুকি পোৱা এডাল দীঘল বাঢ়নী!
পোহৰো নিষ্প্ৰভ হৈ পৰিছে ;
ইনভাৰ্টাৰটোৱে টো টো কৰি মৃত্যুৰ ক্ষণ গণিছে।
 গলি গলি শেষ নোহোৱা এডাল মম পোৱা হ’লে,
আত্মাৰ বিননিক জ্বলাই নিঃশেষ কৰিবলৈ
দিয়াচলাইটোত এডাল কাঠিও নাই!
বাহিৰৰ ফুলপাহ বেজাৰত কঁপি কঁপি উঠিছে
” এজাৰ ফুলা দেখি বেজাৰ কৰ কিয় ?
কিয় মনে মাৰি থাক মোৰ দেহি ঐ
আছে নে তোলৈ মোলৈ চিত? “
দূৰৈত এফাঁকি বিহু গীত ভাঁহি ভাঁহি আহিল
সুৰ-বেসুৰকৈ ৰাজসিক স্বপ্নত বিভোৰ হৈ ;
আৰু ম’হৰ ডিঙিৰ ঘন্টিৰ টিলিং টিলিং শব্দ !
পথেদি গৈ থকা ডেকা-গাভৰু দুটিক
তামসিক বৃহৎ ছাতিটোৱে আৱৰি ধৰিছে,
প্ৰেমৰ এজাক বৰষুণে তিঁয়াই দিব পৰা নাই
তেওঁলোকৰ দেহ-মন!
চকু কাণ জোৰেৰে বন্ধ কৰি
শূন্যক ধ্যান কৰি জপ পাৰি আছোঁ ;
সম্পূৰ্ণ মেডিটেচন, সাত্ত্বিক লাভৰ অপচেষ্টা ।
তথাপি,
আত্মাৰ বিননি চলি আছে অবিৰতভাৱে
যুগযুগান্তৰ ,ইহকাল-পৰকাল !!