আন্তৰ্জাতিক যোগ দিৱস সম্পৰ্কে – নাছিৰ আহমেদ

Pc Deutsches Arzteblatt
আন্তৰ্জাতিক যোগ দিৱস সম্পৰ্কে
নাছিৰ আহমেদ,শিমলাবাৰী, গোৱালপাৰা
অহা ২১ জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস ( International Day of Yaga) ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় নিউয়ৰ্কত উদ্ যাপন কৰা হ’ব। উক্ত অনুষ্ঠানত প্ৰধান ভূমিকা লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰিব।  এইবাৰ অৰ্থাৎ ২০২৩ চনৰ যোগ দিৱসৰ মূল থিম হ’ব ” বাসুদেৱো কুটুম্বকম” ( vashudhaiva Kutumbakam.
এখন পৃথিৱী, এটি পৰিয়াল আৰু এটাই ভৱিষ্যৎ।
২০১৪ চনৰ চনৰ ডিচেম্বৰ মাহত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰামৰ্শ ক্ৰমে প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস (International Day of Yaga) উদ্ যাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। তাৰ জৰিয়তে গোটেই বিশ্বজুৰি যোগ চৰ্চাৰ লাভালাভ আৰু ইয়াক প্ৰয়োগ কৰাৰ বাবে মানুহক সচেতন কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা।
প্ৰায় ৫০০০ হেজাৰ বছৰ আগতেই ভাৰতৰ প্ৰাচীন আৰ্য  গ্ৰন্থ ঋকবেদত এই যোগ চৰ্চাৰ বিষয়ে বিতংকৈ জানিবলৈ পোৱা যায়। ইয়াৰ পিতৃ স্বৰূপ আছিল মহৰ্ষি পতঞ্জলি । পৰৱৰ্তী টিৰুমালাই কৃষ্ণমাৰ্চাৰ্য (Tirumalai Krishnamacharya)কো এই যোগ চিকিৎসা শাস্ত্ৰৰ পিতৃ বুলি জনা যায়।
এই পুৰণি চিকিৎসা শাস্ত্ৰৰ মূল উদ্দেশ্য আছিল মানুহৰ দেহ,মন আৰু আত্মাৰ বিকাশ সাধন।
 তাক একমাত্ৰ সম্ভৱ,যোগ চৰ্চাৰ দ্বাৰা শৰীৰ ,মন আৰু আত্মাৰ শক্তি, ভাৰসাম্য আৰু গতিশীলতা ক্ৰমে উন্নত কৰা।
যোগৰ দ্বাৰা শৰীৰক লাহে লাহে গতি সঞ্চাৰ কৰি ,খুব গভীৰ ভাবে শ্বাস-প্ৰশাস লৈ ৰক্ত চলাচল নিয়ন্ত্ৰণ আৰু শৰীৰৰ পেশী, কোষবোৰৰ উত্তাপ ধৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰখা ইয়াৰ মূল উদ্দেশ্য।
যোগ চৰ্চাৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ’ল ছয় প্ৰকাৰ
1/S r s t i ( groth)
2. S i k s a n a ( learning)
3. R a k s a n a ( Maintenance)
4. C i k i t s a ( therapy)
5. A d h i a t m i k a ( Spirituality)
6. S a k t i ( power)
অৰ্থাৎ শৰীৰৰ শ্ৰীবৃদ্ধি , শিক্ষা, শৰীৰ,মন আৰু আত্মাক ঠিক মতে পৰিচালনা কৰা, চিকিৎসা, আধ্যাত্মিকতা আৰু শৰীৰ,মন আৰু আত্মাক শক্তিশালী কৰা ।
নিঃসন্দেহে,যোগ চৰ্চাৰ মাজেৰে শৰীৰ   আৰু মনক সম্পূৰ্ণৰূপে সুস্থ,সৱল আৰু দৃঢ়ভাৱে স্থায়ীত্ব ৰক্ষা কৰাৰ এক শ্ৰেষ্ঠ উপায়।
যোগ চৰ্চাৰ মূল ভেটি তিনিটা — আসন(,Asana) প্ৰাণায়ম (Pranayam) আৰু আত্ম নিয়ন্ত্ৰণ (Concentration) বা মেডিটেচন।
 আসনৰ জৰিয়তে শৰীৰৰ সমস্ত অংশক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। শ্বাস-প্ৰশাস নিয়ন্ত্ৰণ কৰি মনক সংযত কৰি প্ৰাণায়মৰ জৰিয়তে মনক সম্পূৰ্ণৰূপে সুস্থ সৱল আৰু নিয়ন্ত্ৰণ কৰা হয়। আনহাতে মন-সংযোগ বা  মনক আত্ম নিয়ন্ত্ৰণৰ দ্বাৰা আত্মপ্ৰকাশ কৰাৰ চেষ্টা কৰা হয়। বা বিশেষ সিদ্ধি লাভ কৰাৰ বাবে আপ্ৰাণ সাধনা চলে।
গতিকে যোগ চৰ্চা কেৱল চিকিৎসা পদ্ধতিয়েই নহয়। এই চৰ্চাৰ যাত্ৰা অবিৰতভাৱে ভাবে চলাই ব্যক্তি জীৱন, পৰিয়াল বা সমাজ জীৱনক সামগ্ৰিক ভাবে সকলো দিশ উত্তৰোত্তৰ সমৃদ্ধিশালী কৰিবলৈ অহোপুৰুষাৰ্থ কৰা হয়।
সেই কাৰণে যোগ সাধনাৰ মূল স্তম্ভ হ’ল আঠোটাআআ যাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ যোগ চৰ্চাৰ যাত্ৰা চলি থাকে।
১/ অহিংসা
২/সত্য
৩/চৌৰ্য কাৰ্যৰ পৰা বিৰত থকা
৪/ ব্ৰহ্মাচাৰ্য
৫/ স্বায়িত্ব বজাই ৰখা
৬/শৌচতা বা পবিত্ৰতা ৰক্ষা কৰা
৭/সন্তোষ
৮/আসন, প্ৰাণায়ম মেডিটেচন আৰু খাদ্য নিয়ন্ত্ৰণ।
আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগ চৰ্চাৰ লাভালাভ সম্পৰ্কে আলোকপাত কৰাৰ ফলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদেও ইয়াৰ প্ৰয়োজনীয়তা আৰু আধুনিক চিকিৎসা শাস্ত্ৰত ইয়াক প্ৰয়োগ কৰাৰ উদ্দেশ্য আৰু লক্ষ্য হাতত লৈ প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস (International Day of Yaga) পালন কৰাৰ সিদ্ধান্ত লৈছে।
এয়া নিঃসন্দেহে,দেশ জাতিৰ দেহ-মন-আত্মাক বিকসিত কৰাৰ এক শ্ৰেষ্ঠ উপায়!  আন্তৰ্জাতিক যোগ দিৱস জিন্দাবাদ !
Long live International Day of Yaga.