ব্যৰ্থ প্ৰেম – হীৰক কলিতা

PC- Tiny Buddha

ব্যৰ্থ প্ৰেম

হীৰক কলিতা , নলবাৰী 
ইপাৰে তই সিপাৰে মই
মাজতে বিষাদৰ নৈ
পাৰ হম বুলিও হ’ব
নোৱাৰোঁ ভৰিৰ খোজতে
গৰাখহনীয়াৰ ৰূপ ।
বিষাদেৰে ভৰা এই ভগ্ন
হৃদয় বুজাব নোৱাৰি
হৃদয়ৰ স্পন্দন কোনে
বুজাব এই ভগ্ন হৃদয়ক
এয়া যে ব্যৰ্থ প্ৰেম ।