সময় – ৰাজলক্ষ্মী বৰঠাকুৰ

সময়

ৰাজলক্ষ্মী বৰঠাকুৰ,
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট

সময় এক বোৱতি নদীৰ দৰে
ই কাৰো বাবে ৰৈ নাথাকে
সময়ক ধৰি ৰাখিব পাৰি মাথোঁ কৰ্মৰ দ্বাৰা ।
সময়ে খেলে ইতিহাস ভঙা -পতাৰ খেল
সময় হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক ,
যি পলে পলে আমাক শিক্ষা দি যায়
সময়ৰ সঠিক ব্যৱহাৰ কৰিব নাজানিলে
জীৱনৰ বাটত আগবাঢ়োঁতে ওজুতি খাব লগা হয় ।
সময়ে দিয়ে আমাক জীৱনৰ ডাঙৰ শিক্ষা
সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱা জনে
নিজৰ লক্ষ্যত উপনীত হব পাৰে
মহান যোদ্ধা নেপোলিয়ন বোনাপার্টে সময় মতে যোদ্ধ
ক্ষেত্রত আহি নোপোৱাৰ বাবে ৱাটাৰ লু যোদ্ধত
পৰাজয় বৰণ কৰিব লগা হৈছিল ।
সময়ে লেখে মানুহৰ ভাগ্যৰ লেখন কেতিয়াবা সময়ৰ
সোঁতত ৰজাওঁ পঁজা হব লগা হয়
সময়ে এটা যুগৰ অৱসান ঘটাই নতুন যুগৰ সূচনা কৰে
লিপিবদ্ধ হৈ ৰয় মাথোঁ স্মৃতি
সময়ৰ হাতত জীৱন নাটৰ ভাও দিয়া আমি মাথোঁ ভাৱৰীয়।
মিছা গপ, অহংকাৰ বিলীন হৈ যায় সময়ৰ
লগত ৰৈ যায় মাথোঁ মানুহৰ কৰ্ম ৰাজি
সেয়ে মহান ব্যক্তি সকলে সময়ৰ মূল্য বুজি কৰ্মৰ দ্বাৰা
সময় বালিত চানেকি ৰাখি থৈ গৈছে।