গণেশগুৰিত দুৰ্ঘটনাত ছাত্ৰীৰ শোকাৱহ মৃত্যুৰ দোষী বিষয়া-ঠিকাদাৰক শাস্তিৰ দাবী অসম তৃণমূল মহিলা কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গণেশগুৰিত সংঘটিত দুৰ্ঘটনাত বৃহস্পতিবাৰে পুৱা প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীয়ে মৃত্যুক সাৱটি ল’বলগীয়া ঘটনাৰ বাবে পৌৰ নিগম, প্ৰশাসন আৰু নিৰ্মাণকাৰী সংস্হা জাইকাৰ বিষয়া তথা ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাইছে অসম তৃণমূল কংগ্ৰেছে। এই সন্দৰ্ভত আজি অসম তৃণমূল মহিলা কংগ্ৰেছৰ তৰফৰ পৰা দিছপুৰ থানাত ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ বাবে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এজাহাৰ দাখিল কৰে।এজাহাৰ দাখিলৰ পাছত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীৰ মৃত্যু হ’বলগীয়া দুৰ্ঘটনাৰ বাবে পৌৰ নিগম, প্ৰশাসন, নিৰ্মাণকাৰী সংস্হা জাইকা আৰু জলবোৰ্ডৰ বিষয়া-ঠিকাদাৰৰ গাফিলতিক দায়ী কৰে। যধে মধে গাত খান্দি পথৰ মাজভাগলৈকে কাণ্ডজ্ঞানহীনভাৱে মাটি দম কৰি ৰখাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি তেওঁ লগতে অভিযোগ কৰে। ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো এই দোষী বিষয়াসকলক গ্ৰেপ্তাৰ নকৰাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক এগৰাকী সংবেদনশীল ব্যক্তি বুলি অভিহিত কৰি অসম তৃণমূলৰ নেতাগৰাকীয়ে ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰি মৃতকৰ আত্মাৰ প্ৰতি ন্যায় প্ৰদানৰ দাবী জনায়। আনহাতে গুৱাহাটীৰ বিষয়ে কোনো জ্ঞান নথকা অশোক সিংঘালৰ দৰে ব্যক্তি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত নিয়োজিত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি তেওঁ লগতে মন্তব্য কৰে। এজাহাৰ দাখিলৰ বাবে দিছপুৰ থানাত উপস্থিত হোৱা সঁজাতী দলটোত সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাদ্বয় স্মৃতি শৰ্মা হাজৰিকা আৰু অঞ্জলি ব্ৰহ্ম, কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইকে ধৰি ভালেসংখ্যক দলীয় সতীৰ্থ উপস্থিত থাকে।