গুৱাহাটীৰ হৰিজন ক’লনিৰ উচ্ছেদিতক সংস্থাপনৰ দাবী আপৰ

গুৱাহাটীৰ হৰিজন ক’লনিৰ উচ্ছেদিতক সংস্থাপনৰ দাবী আপৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ হৰিজন ক’লনিৰ উচ্ছেদিতক সংস্থাপনৰ দাবী আম আদমি পাৰ্টীৰ। গুৱাহাটীৰ ফাঁচী বজাৰস্থিত এটি ৰোডৰ ৩ নং গেটস্থিত অঞ্চলত এক সংবাদ মেল অনুষ্ঠিত কৰি আপৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই কয় সমাজৰ পিছপৰা জাতি সম্প্রদায়ক বাৰে বাৰে বিজেপি চৰকাৰে বঞ্চনাৰ লক্ষ্য কৰি লোৱা কাৰ্যই দলটোৰ দৰিদ্ৰ বিৰোধী নীতিকে স্পষ্ট কৰে৷ ফাঁচী বজাৰস্থিত ৩ নং গেট তথা পুলিচ ৰিজাৰ্ভৰ কাষত থকা হৰিজন ক’লনি আৰু ভঙাগড়ৰ হৰিজন ক’লনিক এইবাৰ বিজেপি চৰকাৰে লক্ষ্য কৰি লৈছে৷ পুলিচ ৰিজাৰ্ভৰ কাষত থকা হৰিজন ক’লনিৰ বাসগৃহবোৰ কালি প্ৰশাসনে উচ্ছেদ চলাই ৮৫ টা পৰিয়ালক গৃহহীন কৰে। ভঙাগড়ৰ হৰিজন ক’লনিতো ইতিমধ্যে ৩০০টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে।২০২২ চনৰ ভিতৰত ভাৰতৰ প্ৰতিটো পৰিয়ালক ঘৰ দিয়া হ’ব বুলি ২০১৬ ত ভোট ভিক্ষা কৰা বিজেপিয়ে ২০২২ সময়সীমা পাৰ হৈ যোৱাৰ পাছতো সকলোকে ঘৰ দিব পৰাতো দূৰৈৰ কথা, দুখীয়াসকলে বাস কৰি থকা ঘৰবোৰহে ভাঙি দিছে। বিজেপি চৰকাৰৰ এনে দৰিদ্ৰ বিৰোধী সিদ্ধান্তক আম আদমি পার্টীয়ে তীব্ৰ বিৰোধিতা কৰে আৰু এই হৰিজনসকলক বিকল্প বাসগৃহ দিয়াৰ দাবী উত্থাপন কৰে। এটা ব্যক্তিগত কোম্পানীক বৃহৎ ঘৰ সাজিবলৈ সুবিধা কৰি দিয়াৰ স্বাৰ্থতে হাজাৰ হাজাৰ লোকক গৃহহীন কৰা কাৰ্য আম আদমি পার্টীয়ে কেতিয়াও সহ্য নকৰে। স্বাধীনতাৰ পূৰ্বৰে পৰা তিনি প্রজন্ম ধৰি হৰিজন লোকসকলে এই অঞ্চলত বাস কৰি আহিছে৷গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখা সমাজৰ অতিকে প্রয়োজনীয় হৰিজনসকলক এটা ব্যক্তিগত কোম্পানীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈকে চৰকাৰে এনেদৰে উচ্ছেদ কৰা অতি পৰিতাপৰ বিষয়। জাতিৰ পিতা মহাত্মা গান্ধী, ভাৰতীয় সংবিধানৰ ৰচয়িতা ড° ভীমৰাও আম্বেদকাৰে হৰিজনসকলৰ সমাজলৈ আগবঢ়োৱা অৱদান ভাৰত স্বাধীন হোৱাৰ সময়তে স্বীকৃতি দি থৈ যোৱাৰ বিপৰীতে বিজেপি চৰকাৰে এই লোকসকলক সদায় বঞ্চনা কৰি আহিছে। বিজেপিৰ এনে কাৰ্যই দলটোৰ দৰিদ্ৰবিৰোধী তথা হৰিজন বিৰোধী নীতি স্পষ্ট কৰে। মহাত্মা গান্ধীয়ে তেতিয়াই ভাৰতীয় সমাজত কৰ্কট ৰোগ সদৃশ অস্পৃশ্যতাৰ বিৰুদ্ধে জনসচেতনতা আনি ইয়াক নিৰাময়ৰ চেষ্টা কৰিছিল। স্বাধীন ভাৰতত চৰকাৰসমূহেও অস্পৃশ্যতা দূৰ কৰিবলৈ কম-বেছি পৰিমাণে চেষ্টা কৰা দেখা গৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে ২০১৬ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন কৰা বিজেপি চৰকাৰে তথাকথিত হিন্দুত্বৰ নামত ভাৰতীয় সমাজত জাতিভেদ, ধর্ম-ভেদ, আনকি ভাষা বিভেদো বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে৷ উচ্ছেদিত হৰিজনসকলে ভাৰা ঘৰ পোৱাৰ ক্ষেত্ৰতো এনে জাতি-ভেদৰ বলি হ’বলগীয়া হৈছে। ই আমাৰ সকলোৰে বাবে অতি পৰিতাপৰ বিষয়।যি সময়ত দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰে সকলো বস্তিবাসীক আটক ধুনীয়া আবাস দিবলৈ সক্ষম হৈছে, বিজেপি চৰকাৰে এই উচ্ছেদিত হৰিজনসকলক কিয় বিকল্প আশ্রয় দিব পৰা নাই? আম আদমি পার্টীয়ে দাবী কৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই লোকসকলক বিকল্প গৃহৰ সুবিধা কৰি দিব নোৱাৰা পর্যন্ত তেওঁলোকক উচ্ছেদ কৰা বন্ধ কৰক আৰু যিসকলক ইতিমধ্যে উচ্ছেদ কৰিলে তেওঁলোককো ক্ষতিপূৰণসহ আশ্ৰয়ৰ ব্যৱস্থা কৰক।উল্লেখ কৰিব পাৰি যে ক’ভিডৰ সময়ত চৰকাৰে নিযুক্তি দিয়া চাফাই কৰ্মীসকলৰ সৰহসংখ্যক এই হৰিজন সম্প্ৰদায়ৰ যুৱক- যুৱতী আছিল। তেওঁলোকৰ চাকৰিসমূহ হিমন্ত বিশ্ব শৰ্মাই স্থায়ী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ক’ভিডৰ সংকটকাল আঁতৰি যোৱাৰ পাছত তেওঁলোকৰ চাকৰিটোতো স্থায়ী কৰা নহ’লেই তেওঁলোকক চকৰিটোৰ পৰা আঁতৰাই দিয়া হ’ল বুলি প্ৰকাশ কৰে।