সিদ্ধান্ত – মুন শৰ্মা

PC- Lucidchart
অণুগল্প:
সিদ্ধান্ত
  মুন শৰ্মা,লখিমপুৰ
যুৱ শিক্ষক অমৃত শইকীয়া হোটেলখনৰ পৰা ওলাই যোৱাৰ পাছত হোটেলত কাম কৰা হিচাপে থকা সৰু লৰা কেইটাই সিদ্ধান্ত ল’লে যে সিহঁতে আৰু হোটেলত কাম নকৰে।কথা মতে কাম। সন্ধিয়া হোটেল খনৰ মালিক অহাত সিহঁতি নিজৰ সিদ্ধান্তৰ কথা কৈ বাহিৰলৈ ওলাই আহি চহৰৰ পৰা  ঘৰ মুখী হ’ল। এটা সময়ত সিহঁত গৈ কাষৰীয়া গাঁও খনৰ নিজৰ নিজৰ ঘৰত সোমাল। সিহঁতক হঠাৎ অহা দেখি মাক দেউতাকে আটাইকেইটাকে সুধিলে কি হ’ল! কিয় আহিলি! তেতিয়া সিহঁতে কৈ দিলে কথা খিনি যে আমি বৰ্তমান সৰু হৈ আছোঁ এই বয়সত হোটেলত কাম কৰি পইচা ঘটা কাম নহয়। আমাৰ কাম হ’ল এতিয়া শিক্ষা গ্ৰহণ কৰাৰ।সেয়ে আমি আকৌ স্কুল যাম ভালকৈ পঢ়িম আৰু ভৱিষ্যতে ডাঙৰ মানুহ হম।