ডিব্ৰুগড়ত বিশ্ব পৰিৱেশ দিৱস পালন

ডিব্ৰুগড়ত বিশ্ব পৰিৱেশ দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব পৰিবেশ দিৱস উপলক্ষে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি (৫/৬/২৩) বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । এই উদ্দেশ্যে ডিব্ৰুগড়ৰ চৌকিডিঙীত অৱস্থিত ( জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ) শ্বহীদ উদ্যানত পুৱা ৮:৩০ বজাৰ পৰা গছপুলি ৰোপণ আদিকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰে শ্বহীদ স্মৃতিৰক্ষা সমিতি আৰু মাৰৱাড়ী সন্মিলন ডিব্ৰুগড় শাখাৰ সৌজন্যত বৃক্ষৰোপণ কৰা হ’ব। এই বৃক্ষৰোপণ কাৰ্য সূচীত শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক অনিল প্ৰসাদ সিঙ, মাৰৱাড়ী সন্মিলনৰ সম্পাদক সুৰেশ আগৰৱালা, ডিব্ৰুগড় পৌৰ নিগমৰ সভাপতি শৈকৎ পাত্ৰ, সমাজ কৰ্মী তথা শিক্ষক গন্ধেশ্বৰ শইকীয়া,শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বিশ্বনাথ গাৰোডীয়া, ৰাজকুমাৰ আগৰৱালা,মহেশ জৈন, সহ- শতাধিক অতিথিয়ে অনুষ্ঠানত উপস্থিত থাকে। আজিৰ অনুষ্ঠানত জ্যোতিপ্ৰসাদ কানৈ ফাউণ্ডেশ্যনৰ সভাপতি জ্যোতি কানৈয়ে প্লাষ্টিক বর্জনৰ বিপৰীতে কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ সকলোৰে প্রতি আহবান জনায়।