পলাশবাৰীত বিশ্ব পৰিবেশ উপলক্ষে বৃক্ষৰোপণ

পলাশবাৰীত বিশ্ব পৰিবেশ উপলক্ষে বৃক্ষৰোপণ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি বিশ্বৰ ভিন ভিন প্ৰান্তৰ দৰে দক্ষিণ কামৰূপ সচেতন মঞ্চ লগতে মানুহ আৰু পৰিৱেশ, অসমৰ যুটীয়া উদ্যোগত পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত হুদুমপুৰৰ ঔদ্যোগিক আৰু আবাসিক এলেকাৰ সংগমস্থলত বৃক্ষৰোপণ কৰা হয় । এই কাৰ্য্যক্ৰমত সচেতন মঞ্চৰ‌ উপদেষ্টা দীপক শৰ্মা, অধ্যক্ষ মদন দাসৰ লগতে মানুহ আৰু পৰিৱেশৰ সভাপতি কমল চন্দ্ৰ মেধি প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।