জালুকবাৰীৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এখন টিফিন বৈঠকত মিলিত হয়  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

জালুকবাৰীৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এখন টিফিন বৈঠকত মিলিত হয়  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- আমিনগাওস্থিত লোকনির্মাণ বিভাগৰ অতিথিশালাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই গৃহসমষ্টি জালুকবাৰীৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এখন টিফিন বৈঠকত মিলিত হয়। এই বৈঠকখনত মুখ্যমন্ত্ৰী ড° শৰ্মাকে ধৰি প্ৰতিগৰাকী কাৰ্যকৰ্তাই হাতে হাতে নিজৰ টিফিন লৈ আহে। জানিব পৰা মতে, বৈঠকত উপস্থিত লোকসকলৰ বাবে কোনো খাদ্যসম্ভাৰ যোগানৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে প্ৰত্যেকে নিজ ঘৰৰ পৰা টিফিনত সুস্বাদু পিঠা-পনা লৈ আহিছে, যাতে বৈঠকৰ মাজতে তেওঁলোকে সেই আহাৰ গ্ৰহণ কৰিব পাৰে। এক সূত্ৰই জানিবলৈ দিয়া মতে, আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি জালুকবাৰী সমষ্টিত দলীয়” সংগঠন অধিক শক্তিশালী কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৯ বছৰীয়া শাসনকাল সন্দৰ্ভত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনা কৰাৰ বাবেই টিফিন বৈঠকখনৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে বৈঠখনত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সদস্য পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড° ননী গোপাল মহন্তও উপস্থিত থাকে।