বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰা ৰেহাই পাবলৈ গছৰ তলত থাকিবলৈ আহ্বান বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰা ৰেহাই পাবলৈ গছৰ তলত থাকিবলৈ আহ্বান বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনত চলা উৎকট গৰমৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰ লগে লগে বিদ্যুতৰ বিল পোৱাক লৈ জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে যদি বিদ্যুতৰ বিল বৃদ্ধি পায়, তেতিয়াহ’লে জনসাধাৰণে ঘৰত ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিব পাৰে। ৰাজ্যত নিজা বিদ্যুৎ উৎপাদন সীমিত। এনে অৱস্থাত চৰকাৰে বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয়ৰ বাবে কোনো উপায় নাই। বাহিৰৰ কোম্পানীৰ পৰা চৰকাৰে বিদ্যুৎ ক্ৰয় কৰি যোগান ধৰিব লাগে। তাৰ বাবে চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলগীয়া হয়। চৰকাৰৰ অতিৰিক্ত উৎসৰ বাবে কোনো ফার্ম হাউছ নাই। উৎপাদনকাৰীয়ে বিদ্যুতৰ মূল্য বঢ়াবই। সেয়ে অধ্যক্ষ দৈমাৰীয়ে বিদ্যুতৰ বিল যদি বেছি হৈছে, তেতিয়াহ’লে জনসাধাৰণক ঘৰত ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিবলৈ আহ্বান জনায়।