বিশিষ্ট সমাজ বিজ্ঞানী ড° প্ৰফুল্ল মহন্ত আছিল ভিন্ন জাতি- জনগোষ্ঠীৰ প্ৰধান সমন্বয়কঃ ড° হীৰেন গোহাঁই

বিশিষ্ট সমাজ বিজ্ঞানী ড° প্ৰফুল্ল মহন্ত আছিল ভিন্ন জাতি- জনগোষ্ঠীৰ প্ৰধান সমন্বয়কঃ ড° হীৰেন গোহাঁই

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সমাজ বিজ্ঞানী ড° প্ৰফুল্ল মহন্তৰ অবৰ্তমানত তেওঁৰ ৮২ সংখ্যক ওপজা দিন৷ ড° মহন্তৰ ওপজা দিনটোত তেওঁৰ অবিহনেই আজি উন্মোচন হ’ল তেওঁৰ অনবদ্য সৃষ্টি চাৰিখনকৈ মূল্যৱান গ্ৰন্থ । গুনী জ্ঞানী আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰে মৰম আৰু সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰা ড° মহন্তক চৰকাৰে একো সন্মান নজনালে৷ ৰাজ্যৰ বৃহৎ বৃহৎ জাতীয় সংগঠন, সামাজিক সংগঠন আদি কোনেও ড° প্ৰফুল্ল মহন্তক জীৱন্ত কালত সন্মান প্ৰদৰ্শন নকৰিলে৷ এয়া জাতিৰ বাবে কম দুৰ্ভাগ্যজনক নহয়! অসমৰ সকলো জাতি, উপজাতি, জনজাতি বা জনগোষ্ঠীসমূহৰ মাজত সম্প্ৰীতিৰ উত্তৰন ঘটাই একতাৰ জৰিয়তে বান্ধ খুওৱাৰ চেষ্টা কৰা আৰু অসমীয়া জাতিলৈ মূল্যৱান গ্ৰন্থৰে অনবদ্য অৰিহনা আগবঢ়োৱা ড° মহন্ত সম্পৰ্কত নতুন লেখক, পণ্ডিত বা গৱেষকসকলে তিলমানো গুৰুত্ব আৰোপ নকৰাটো কম দুৰ্ভাগ্যজনক নহয়৷আজি মহান সমাজ বিজ্ঞানী ড° মহন্তৰ জন্মদিন উপলক্ষে চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷’মিলিত প্ৰয়াস”, “সোণাইৰ সোঁত”, “অবিৰত সংগ্ৰাম” আৰু “কামৰূপ অসমৰ প্ৰাচীন ইতিহাসৰ প্ৰেক্ষাপটত বড়ো আন্দোলনৰ ইতিহাস” উন্মোচন কৰা হয়৷গ্ৰন্থকেইখন উন্মোচন কৰে ড° হীৰেন গোহাঁই, হেমেন দাস, হাইদৰ হুছেইন, অজিত ভূঞা, লোকনাথ গোস্বামী, উৎপল বৰপূজাৰী, নবীন বৰুৱা আৰু চেনিচম্পা মহন্তই৷ অনুষ্ঠানত ড° পদ্মপাণি, থানেশ্বৰ মালাকাৰ, পৰমানন্দ মজুমদাৰ, শংকৰ শইকীয়া, শাৰদী শইকীয়া, দেবেন তামুলী, দেবেন বসুমতাৰী, নিত্য বৰা, প্ৰণৱজ্যোতি ডেকা, চন্দ্ৰ কুমাৰ শইকীয়া, সুমিত্ৰা হাজৰিকা আদি বহুতো বিশিষ্ট ব্যক্তি৷প্ৰাচীন কামৰূপৰ ইতিহাস জনজাতিৰ ইতিহাস৷ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপ ভ্ৰমনলৈ অহা চীনা পৰিব্ৰাজক হিউয়েন চাঙেও লিখি থৈ গৈছে কামৰূপ কামাখ্যাৰ মানুহ চুটিচাপৰ, নাক সৰু, সৰল, অতিথি পৰায়ণ আৰু সংস্কৃতিৱান৷ ব্ৰাহ্মণসকলৰ বৈদিক পূজাপাৰ্বন, শৈৱিক আৰাধনা আদি বিভিন্ন দিশ সম্পৰ্কত ড° প্ৰফুল্ল মহন্তই গৱেষণা গ্ৰন্থ লেখা বুলি গভীৰ বক্তব্য আগবঢ়া ড° হীৰেন গোহাঁইয়ে৷ তেওঁ কয় যে আবেগৰ সৈতে বিবেকৰ সহাৱস্থানৰ মাজেদিহে সমাজ সংস্কাৰৰ কথা ভাবিব পাৰি৷ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে ড° মহন্তৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷ অনুষ্ঠানত অজিত কুমাৰ ভূঞা, লোকনাথ গোস্বামী, উৎপল বৰপূজাৰী আদিয়ে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷ অজিত ভূঞাই ড° মহন্তৰ পৰিয়াল বিশেষকৈ ড° মহন্তৰ সৰু পুত্ৰ মন্ময় মহন্তৰ চেষ্টাক ধন্যবাদ জনায়৷ তেওঁ পৰিয়ালটোৰ আনসকল সদস্য পত্নী চেনিচম্পা মহন্ত, বৰপুত্ৰ ৰাহুল মহন্ত, জীয়ৰী কৃষ্ণাংগী ঋতুপৰ্ণা আৰু বোৱাৰী ৰুণকো ধন্যবাদ জনায়৷ গুৱাহাটীৰ অসম সাহিত্য সভা ভৱন চৌদহৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সোৱঁৰণি সভাকক্ষত আয়োজিত হয়৷ প্ৰকাশক নবীন বৰুৱাই আদৰণী বক্তব্য আগবঢ়ায় আৰু প্ৰথমেই প্ৰবীন বাঁওপন্থী নেতা হেমেন দাসে সাৰুৱা বক্তব্য আগবঢ়ায়৷ প্ৰয়াত ড° মহন্তৰ পত্নী চেনিচম্পা মহন্তই ড° মহন্তৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন কৰে৷ এই গুৰুগম্ভীৰ অনুষ্ঠানত অতিথিসকলে ড° মহন্তৰ স্মৃতিচাৰণ কৰে৷ কিন্তু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ড° মহন্তৰ অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অমূল্য অৰিহনাৰ কোনো প্ৰতিদান নিদিয়াত সকলোৱে ক্ষোভ প্ৰকাশ কৰে৷ বিশেষকৈ অসম চৰকাৰ, শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ, সাহিত্য অকাদেমী, নেচনেল বুক ট্ৰাষ্ট, অসম সাহিত্য সভা আদিয়ে পণ্ডিত, গৱেষক, সমাজ বিজ্ঞানী ড° প্ৰফুল্ল মহন্তৰ অৱদানক স্বীকৃতি প্ৰদান নকৰাটো বৰ দুখৰ বিষয় বুলি ক্ষোভ ওজাৰে৷