চম্পাৱতী হাইস্কুলত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা– সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহানগৰীৰ চম্পাৱতী হাইস্কুলৰ পৰা এশ শতাংশ উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক বিদ্যালয় প্ৰাংগনত সম্বৰ্ধনা জনোৱা হয়৷বিদ্যালয়ৰ প্ৰধান শিক্ষক বলিৰাম বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানত পৌৰোহিত্য কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিগন্ত দৈমাৰীয়ে৷সভাত বিদ্যালয়ৰ সহকাৰী শিক্ষক হষিকেশ গোস্বামী(Hrisikesh)য়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ৪২ জন ছাত্ৰ-ছাত্ৰীক উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়৷সভাত সম্বৰ্ধিত পাঞ্চলিকা মেধি আৰু মানস প্ৰতিম মজুমদাৰে নিজৰ অনুভৱ ব্যক্ত কৰে৷সভাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী দিব্যজ্যোতি গোস্বামী,নৱজাগৰণ সংঘৰ সম্পাদক প্ৰদীপ কলিতা,২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰী,বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক পৰেশ ডেকা,চিআৰচি ৰামেশ্বৰ শৰ্মা,সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীনা দাস,বিদ্যালয় পৰিচালনা সমিতিৰ উপ- সভাপতি সঞ্জীৱ দেৱ চৌধুৰী,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যা তৰুলতা দৈমাৰী আদিয়ে ভাষণত কয়-বৰ্তমান বিদ্যালয়ৰ অভিভাৱক সকল সচেতন হৈছে৷যাৰ বাবে এনে ফলাফল দেখুৱালৈ সক্ষম হৈছে৷সকলোৰে যত্ন থাকিলেহে ভাল ফলাফল হোৱা দেখা যায়৷কষ্ট কৰিলে সফলতা থাকিবই৷সঁচা কথাৰ মাজেৰে সমাজ গঢ়িব পাৰি৷উল্লেখ্য,প্ৰাদেশিকৃত বিদ্যালয়খনত অৱতীৰ্ণ হোৱা আটাইকেইজনে উত্তীৰ্ণ হোৱাত অঞ্চলটোত আনন্দময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে৷