অভিনয়
মিন্টু গোৱলা, লখিমপুৰ
কʼত যে কিমান অভিনয়
কৰিব লাগিব
এই নাট্য ঘৰত
আহিছোঁ মায়াপী
জীৱৰ মেখেলা পিন্ধি
নিত্য নৱ নৱ
অভিনয় কৰোঁ
এই মহা নাট্য ঘৰত।
মানৱী জীৱনৰ অভিনয়
কৰিবই লাগিব,
যেতিয়ালৈকে এই জীৱনৰ
অভিনয় শেষ নহয় ,
তেতিয়ালৈ কৰিব লাগিব ।
এদিন অভিনয় শেষ হʼব,
নাট্য ঘৰো শেষ হʼব
নাট্য ঘৰখনত পৰি ৰʼব
মোৰ এটি মাথোঁ অস্তিত্ব ।