পেৰামেডিকেল শিক্ষাৰ ভৱিষ্যত কিমান সুৰক্ষিত ? – দেবর্ষি গৌতম

PC - Healthline

পেৰামেডিকেল শিক্ষাৰ ভৱিষ্যত কিমান সুৰক্ষিত ?

 দেবর্ষি গৌতম,  নলবাৰী

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নিজৰ জীৱনকলৈ একোটা সপোন থাকে। হয়তো কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে ডাক্তৰ হোৱাৰ সপোন মনত পুহি ৰাখে আনহাতে আন কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে ইঞ্জিনীয়াৰ হোৱাৰ সপোন মনতে পুহি ৰাখি আগবাঢ়ি যায়। কিন্তু ডাক্তৰ বা ইঞ্জিনীয়াৰ হোৱা সপোন পুহি ৰখা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সেই সপোন কেতিয়াবা সপোন হৈয়ে ৰৈ যায়। বিভিন্ন অসুবিধা অথবা কাৰণত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সপোনবোৰ পূৰণ কৰাত ব্যৰ্থ হয়। নিজৰ সপোন পূৰণ কৰিবলৈ ব্যৰ্থ হলেও ছাত্ৰ-ছাত্ৰী সকলে বিকল্প হিচাপে অন্য বিষয়ত অথবা বিভাগত অধ্যয়ন কৰি নিজকে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে। স্বাস্থ্য সেৱাৰ লগত জড়িত হব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কেবল ডাক্তৰে শেষ বিকল্প নহয়। ইয়াৰ উপৰিও স্বাস্থ্য খণ্ডত অন্য বহুতো বিভাগ আছে যিবোৰ বিভাগৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে নিজকে একোগৰাকী স্বাস্থ্য কৰ্মী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। সেই বিভাগ সমূহৰ ভিতৰত আজি আমি আলোচনা কৰিবলৈ লোৱা বিভাগটো হৈছে পেৰামেডিকেল খণ্ড। ৰাজ্যখনৰ পাঁচ খন চিকিৎসা মহাবিদ্যালয়ৰ লগত এখনকৈ পেৰামেডিকেল প্ৰতিষ্ঠান সংলগ্ন হৈ আছে। পেৰামেডিকেল প্ৰতিষ্ঠান সংলগ্ন হৈ থকা চিকিৎসা মহাবিদ্যালয় কেইখন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট, ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা। এই পেৰামেডিকেল প্ৰতিষ্ঠান সমূহত নটাকৈ বিভাগৰ টেকনিচিয়ানক দুবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। এই পেৰামেডিকেল প্ৰতিষ্ঠান সমূহৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিভাগ সমূহ হল ডিপ্লোমা ইন মেডিকেল লবোৰেটৰি টেকন’লজি (ডি এম এল টি), ডিপ্লোমা ইন মেডিকেল ৰেদিওলজী টেকন’লজি (ডি এম আৰ টি), ডিপ্লোমা ইন কাৰ্ডিয়েক কেয়াৰ টেকন’লজি (ডি চি চি টি), ডিপ্লোমা ইন ফিজিওথেৰাপি টেকন’লজি (ডি পি টি), ডিপ্লোমা ইন আই চি ইউ টেকন’লজি, ডিপ্লোমা ইন ফিজিচিয়ান এছিষ্টেণ্ট, ডিপ্লোম ইন ইমাৰজেন্সি এণ্ড ফাৰ্ষ্ট এইড, ডিপ্লোম ইন ওটি টেকন’লজি(ও টি + এনাস্থ্যেছিয়া + এণ্ডক্সপী), ডিপ্লোমা ইন দাইলাচিছ টেকন’লজি। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিম্নতম শৈক্ষিক অৰ্হতা হৈছে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰা উতীৰ্ণ হোৱা বাধ্যতামূলক। স্বাস্থ্য শিক্ষা সঞ্চালকালয়, অসমৰ তৰফৰ পৰা প্ৰতিবছৰে বিজ্ঞাপন প্ৰকাশ কৰা হয় অৰ্হতাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ সকলৰ পৰা আবেদন বিচাৰি। এই পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে কোনো ধৰণৰ বাচনি পৰীক্ষা অনুষ্ঠিত কৰা নহয়। ছাত্ৰ-ছত্ৰী সকলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত লাভ নম্বৰৰ ওপৰত ভিত্তি কৰি সৰ্বোচ্চ নম্বৰৰ পৰা তললৈ গৈ থাকে যেতিলৈকে আসন সম্পূৰ্ণ নহয়। ছাত্ৰী-ছাত্ৰী সকলে মনত বহুত আশা আৰু প্ৰত্যাশা লৈ এই পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু জীৱনৰ বাটত আগবাঢ়ি যাব পাৰিম বুলি মনতে এটা সংকল্প গ্ৰহণ কৰে। ইয়ালৈকে সকলো ঠিকে আছিল। কিন্তু আচল অসুবিধা আৰু অভিযোগবোৰ ইয়াৰ পিছৰ পৰা আৰম্ভ হয়। যেতিয়া ছাত্ৰ-ছাত্ৰী সকলে এই পাঠ্যক্ৰম সমাপ্ত কৰি একোগৰাকী টেকনিছিয়ান হিচাপে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰে তাৰ পিছত তেওঁলোকৰ প্ৰাপ্য সন্মান আৰু প্ৰাপ্য আৰ্থিক মৰ্য্যদাৰ পৰা বঞ্চিত হব লগীয়া হয়। হয়তো শুনিবলৈ আচহুৱা যেন লাগে কিন্তু সম্পূৰ্ণ তথ্য খিনি পৰ্যবেক্ষণ কৰিলে ইয়াৰ সম্পূৰ্ণ সত্য সত্যতা নিৰূপণ কৰিব পৰা যায়। স্বাস্থ্য খণ্ডৰ অন্য বিভাগ সমূহৰ শিক্ষা সমাপ্ত হোৱাৰ পিছত এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে নিৰ্দিষ্ট বিভাগৰ কাউন্সিলত নিজৰ নাম পঞ্জীয়ন হৈ যায় আৰু সেই মৰ্মে পঞ্জীয়নকৃত একোখন প্রমানপত্ৰ লাভ কৰে। কিন্তু পেৰামেডিকেলৰ তেনেকুৱা কোনো ব্যৱস্থা নাই। আজিকালি শিক্ষাৰ ক্ষেত্ৰত প্ৰতিটো বিষয়ৰ বাবে ব্যক্তিগত খণ্ডৰ বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু পেৰামেডিকেল শিক্ষাৰ বাবে গঢ়ি উঠা অধিকাংশ শিক্ষানুষ্ঠানে চৰকাৰী পঞ্জীয়ন অবিহনে অন্য কোনো ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন লৈ ছাত্ৰ-ছাত্ৰী সকলক এই শিক্ষা প্ৰদান কৰি আহিছে। এনেকুৱা প্ৰতিষ্ঠান সমূহে চৰকাৰী নিয়ম অনুসৰি মনিব লগীয়া সৰ্বনিম্ন শিক্ষাগত অৰ্হতাৰ নিয়মাৱলীৰ উলংঘা কৰি যিকোনো ছাত্ৰ-ছাত্রীকে এই শিক্ষা প্ৰদান কৰাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে। পেৰামেডিকেল কাউন্সিল নোহোৱা হেতুকে এনেকুৱা প্ৰতিষ্ঠাৰ পৰা শিক্ষা লাভ কৰা অৰ্হতাহীন ছাত্ৰ-ছাত্ৰী সকলে অৰ্হতাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাপ্য সন্মান আৰু মৰ্য্যদাৰ বাবে হেঙাৰ হিচাপে থিয় দিয়া পৰিলক্ষিত হৈছে। তাৰোপৰি চৰকাৰী খণ্ডৰ নিয়োগৰ বাবে বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ কৰা থাকে যে চৰকাৰী অনুমোদিত শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ প্ৰাৰ্থীহে আবেদন কৰিব পাৰিব কিন্তু তৎসত্বেও বহুতো চৰকাৰী নিযুক্তিত ব্যক্তিগত খণ্ডৰ পৰা উত্তীৰ্ণ আৰু চৰকাৰী অনুমোদন নথকা প্ৰতিষ্ঠানৰ পৰা পঢ়া লেবোৰেটৰী টেকনিচিয়ানে নিযুক্তি পোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অন্য বিভাগ সমূহৰ ৰাজ্যিক কাউন্সিল থকা বাবে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছতো কাউন্সিলত পঞ্জীয়ন নকৰিলে কোনো ধৰণৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে সেই উত্তীৰ্ণ ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে। কিন্তু পেৰামেডিকেল খণ্ডৰ ক্ষেত্ৰত এনেকুৱা কোনো ব্যৱস্থা নোহোৱা বাবে ছাত্ৰ-ছাত্ৰী সকলে এক অন্ধকাৰ ভৱিষ্যতৰ দিছে গতি কৰাৰ উপক্ৰম হৈছে। পেৰামেডিকেলৰ অধীনত শিক্ষা গ্ৰহণ কৰা এনেকুৱা কেইটামান বিভাগ আছে যিকেইটা বিভাগত চৰকাৰী অনুমোদিত পদ অসমৰ কোনো এখন চৰকাৰী চিকিৎসালয়তে নাই। যদি এনেদৰে ছাত্ৰ-ছত্ৰী সকলে এটা পাঠ্যক্ৰমৰ অধীনত অধ্যয়ন কৰাৰ পিছত কোনো এগৰাকীয়েও চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম নহয় তেনেহলে তেনে পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়ন কৰিবলৈ দিয়াৰ কিবা অৰ্থ থাকিব পাৰে নে ? চৰকাৰী চাকৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও নাপাই সেই কথাটো অপ্ৰিয় হলেও সত্য কথা কিন্তু চৰকাৰী অনুমোদিত কোনো পদ নথকা এটা পাঠ্যক্ৰমৰ ভৱিষ্যত ব্যক্তিগত খণ্ডত অথবা ব্যৱসায়িক দিশত কিমান উজ্জ্বল সেইয়া সহজে অনুমান কৰিব পাৰি। আচলতে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত কিছুমান বাধ্যতামূলক নিয়ম থকাটো অত্যন্ত জৰুৰী। কিন্তু এই ক্ষেত্ৰত পেৰামেডিকেলৰ অধীনত থকা পাঠ্যক্ৰমৰ বাবে কোনো বিশেষ বাধ্যতামূলক নিয়ম থকা পৰিলক্ষিত হোৱা নাই। যদি এই ক্ষেত্ৰত চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি পেৰামেডিকেলৰ পাঠ্যক্ৰম সমূহক আগবঢ়াই লৈ যোৱাত আগভাগ নলয় তেনেহলে অসমৰ চিকিৎসা ক্ষেত্ৰত হয়তো যি আমূল পৰিবৰ্তন হব লাগে সেইয়া কেতিয়াও সম্ভৱ নহব। পেৰামেডিকেল চিকিৎসা খণ্ডৰ এনে এটা অংগ যাৰ অবিহনে কেতিয়াও চিকিৎসা সম্ভৱ নহয়। প্ৰতিটো সময়তে এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিব লাগিলে বিভাগীয় টেকনিচিয়ান গৰাকীৰ পৰা ৰোগীৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব লাগে। যদি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি পেৰামেডিকেল শিক্ষা প্ৰদান কৰি থকা হয় তেনেহলে এনেকুৱা ব্যৱস্থা ভৱিষ্যৰ দিনত এক জ্বলন্ত সমস্যা হিচাপে থিয় দিয়াটো খাটাং। এক সুস্থ আৰু পৰিকল্পিত ব্যৱস্থা দ্বাৰা যদি পেৰামেডিকেল শিক্ষা ব্যৱস্থাৰ সংশোধন কৰা নহয় তেনেহলে স্বাস্থ্য খণ্ডৰ অবিচ্ছেদ্য অংগ এটা দুৰ্বল হৈ থকাটো একেবাৰে স্বাভাৱিক কথা। যদি স্বাস্থ্য খণ্ডৰ অবিচ্ছেদ্য অংগ এটা যদি দুৰ্বল হৈ থাকে তেনেহলে যিমান চেষ্টা কৰিলেও স্বাস্থ্য খণ্ডই যে পূৰ্ণতা নাপাই সেয়া সহজে আনুমেয়।