নাৰীৰ সৌন্দৰ্য্য মাতৃত্বত
নাজমিনা মজিদ, ধুবুৰী
মা শব্দৰে সুশ্ৰী হ’বলৈ প্ৰতিগৰাকী নাৰীয়ে বহু ত্যাগ স্বীকাৰ কৰি নিজকে সাহসী শক্তিশালিনী বুলি পৰিচয় দি গৌৰৱান্বিত প্ৰতি গৰাকী মাতৃ । প্ৰতি গৰাকী মাতৃয়ে নিজকে ধনবান বুলি ভাবে মা শব্দৰ অনুভূতি হয় তোহ অইন কোনো শব্দৰ লগত তুলনা নহয় । জীৱন-মৰণৰ আলিদোজাত মা শব্দৰ বাবে মাতৃত্বৰ সৌন্দৰ্য্যৰ অধিকাৰী হ’বলৈ প্ৰস্তুত হয় প্ৰতিগৰাকী নাৰীয়ে । আজি মাতৃ দিৱসত সেই সকল মাতৃ আটাইতকৈ দুৰ্ভগ্যবান যিসকলে মাতৃত্বৰ সৌন্দৰ্য্যৰ পোছাক পৰিধান কৰি চকুলোৰে মুকুতা মনি গুঠি আয়োজন কৰিছে বৃদ্ধাশ্ৰমত মাতৃ দিৱস । সেই সকল মাতৃ আজিৰ দিনটোত দুৰ্ভগীয়া যিয়ে পথৰ দাতিত কথা-কম্বলেৰে সাজিছে আশ্ৰয় স্থান । মাতৃ দিৱসৰ দিনা সন্তান সকলৰ কৰ্তব্য মাতৃ গৰাকীৰ বাবে সেই দিনটো বিশেষ কৰি তোলা । আজি কালি সামাজিক মাধ্যমত বহু ল’ৰা-ছোৱালীয়ে বিশেষ কৰি তোলে । হোৱাটছএপ ষ্টেটাচ, ফেচবুক ষ্টোৰিৰে নিজৰ মাতৃ গৰাকীৰ প্ৰতিচ্ছবিৰে উপচি পৰে । এই কথা বন্ধুবৰ্গই গম পায় তেওঁ মাতৃভক্ত অথচ মাতৃ গৰাকী অজ্ঞাত হৈ থাকে তাৰ সন্তানে মাতৃ দিৱস পালন কৰিছে । ইয়াতকৈ যদি আমি মাতৃ গৰাকীক সেৱা কৰি , চুমা এটা খাই আলিংগন কৰি নিজৰ অনুভৱেৰে কাৰ্ড এখনত বিভিন্ন চিত্ৰ আঁকি , কবিতা ৰচি, মাতৃ দিৱসৰ লগত সংগতি ৰাখি গান এফাকি গাই শুনাব পৰা যায় । এনে উপহাৰতে আমাৰ প্ৰতিগৰাকী মাতৃ প্ৰসন্ন লাভ কৰিব । যি মাতৃয়ে কেৱল মাতৃত্বৰ সৌন্দৰ্য্যৰ বাবে আমাক কোচত লৈ বহু ৰাতি জাগিছিল । টোপনি পৰ্যন্ত চকুৰ পৰা দেখিছিল । বিছনাত আমি প্ৰস্ৰৱ কৰা তিতা ঠাইখনত মাতৃয়ে শুইছিল আমাক শুকান ঠাইখনত শুৱাইছিল । যদিওঁ মাতৃ দিৱস বুলি মে মাহৰ দ্বিতীয় দেওবাৰটো বিশেষ কৰি তোলা হয় । হ’লেও মাতৃ দিৱস বুলি ল’ৰা ছোৱালী সকলে প্ৰতিদিনে বিশেষ কৰি তুলি উৎযাপন কৰিব লাগে । মাতৃ গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিব যি গৰাকী মাতৃৰ বাবে এইখন ৰঙচুৱা পৃথিৱী দেখিব পাৰিছোঁ । সেই মাতৃ গৰাকীৰ বাবে কেৱল এটা দিনেই নহয় । প্ৰতিদিনেই মাতৃ গৰাকীক বিশেষ অনুভৱ কৰোৱাৰ দায়িত্ব প্ৰতিগৰাকী সন্তানৰ হে তেতিয়াহে পৃথিৱীৰ প্ৰতিগৰাকী মাতৃয়ে গৌৰৱেৰে ক’ব পাৰিব নাৰীৰ সৌন্দৰ্য্য মাতৃত্বত ।