বটদ্ৰবাৰ কটহগুৰি আৰু শিলপুখুৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত কটহগুৰি আৰু শিলপুখুৰীত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসলক আজি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়।এ আই ইউ ডি এফৰ সমষ্টি কমিটীৰ এটি সঁজাতি দলে হাইস্কুল শিক্ষান্ত পৰিক্ষাত সু-খ্যাতিৰে ডিষ্ট্ৰিংচন, ষ্টাৰ আৰু লেটাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিয়াৰ বাবে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাই। শিলপুখুৰীৰ জেৰিফা ৱাহিদ,কটহগুৰি ইশ্বাদ তামান্না তাবাছুম,ৰৌমাৰীৰ মনিজা খাতুন, নাইমা হাছান, নৌৰিন চাবাকে আদি কৰি কটহগুৰি আৰু শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে গৈ এখন ফুলাম গামোচা, বহী আৰু কলমেৰে সম্বৰ্ধনা জনায়।এ আই ইউ ডিএফৰ এই সঁজাতি দলটিত বটদ্ৰৱা সমষ্টি কমিটিৰ সভাপতি আবুল কাছেম চৰকাৰ , সম্পাদক ফইজুল হক,মেহদি হাছান,কাৰ্যাল সম্পাদক মটিউৰ ৰহমান কে আদি কৰি প্ৰায় ২০ জন নেতা কৰ্মী উপস্থিত আছিল।