নাৰী শ্ৰমিক
সীমান্ত কবি
সাৰ্বভৌমত্বৰ বুকুৰ উমত
আমি এজাক উলংগ কুকুৰ
ঠিকাদাৰ ডাঙৰীয়াৰ ভাষাত
আমি হেনো গদৰ্ভৰো আত্মাৰাম।
গান্ধাৰী,জয়মতীক আমি নাজানো
আমাৰ পিৰামিড মাথোঁ ক্ষুদা
কেতিয়াবা শুকান হাৰ
নতুবা অন্ধকাৰ গলিৰ গেলা- পঁচা পানীয়
সমাজৰ জুইপুৰ চকুত আমি অপেয়
আমাৰ নাকত তেজৰ ডকাফুলা গোন্ধ
মনি পৰাৰ শেষত আমি মাথোঁ
মদাৰৰ সৰি পৰা ফুল
তথাপি আমি সংগ্রামী
শুকান হাড় নতুবা ভ্ৰন আমাৰ জীৱন্ত ফচল।