অণুগল্প
নিযুক্তি
দিপ্তী মনি গোস্বামী
কাউৰী পুৱাৰ পৰা কেৰেক কেৰেক শব্দেৰে চাইকেল খন চলাই চলাই সকলোৰে পদূলিত পদ-ধূলা দিয়া হকাৰ জনৰ এটি নতুন ঠিকনা হ’ল… এতিয়া ঠিকনা সলনি হ’ব ভায়েকৰ , ইটা ভাটিৰ বিপৰীতে বিদ্যালয়ত; লগতে মাকৰো; আনৰ ঘৰৰ বাইৰ বিপৰীতে অমুকৰ মাক… বাৰান্দাত এখন চকী, হাতত এখন পেপাৰ পুৱা নাইবা গধূলি।