সংগীত শিল্পী চন্দনা বেজবৰুৱাক প্ৰদান সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান

সংগীত শিল্পী চন্দনা বেজবৰুৱাক প্ৰদান সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা- সংগীতশিল্পী চন্দনা বেজবৰুৱাক প্ৰদান কৰা হয় সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান । নৰ্থ ইষ্ট বিগ কালছাৰেল চছাইটিৰ১৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰ লগত সংগতি ৰাখি শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়।অলপতে গুৱাহাটীৰ কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁৱৰ সুৰৰত্ন, সুৰকাৰ প্ৰয়াত যজ্ঞ বেজবৰুৱাৰ জীয়ৰী তথা নগাঁও চহৰৰ মিলনপুৰ নিবাসী চন্দনা বেজবৰুৱাক সৰাফুল গীতটিৰ বাবে এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত অভিনেতা মৃদুল ভূঞা, মৃদুল চেতিয়া, অভিনেত্রী প্ৰাঞ্জনা দত্তকে ধৰি যথেষ্টসংখ্যক সাংস্কৃতিক প্রেমী লোক উপস্থিত থাকে।