নিযুক্তি পত্ৰ বিতৰণৰ লগে লগেই প্ৰকাশ কৰক অভাৰলেপিঙৰ ৱেটিং লিষ্ট

Pc Wikipedia

নিযুক্তি পত্ৰ বিতৰণৰ লগে লগেই প্ৰকাশ কৰক অভাৰলেপিঙৰ ৱেটিং লিষ্ট

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম চৰকাৰে নৱনিযুক্ত চাকৰিয়ালসকলক নিযুক্তিপত্ৰ প্ৰদান কৰাৰ লগে লগেই অ’ভাৰলেপিং হোৱা পদসমূহৰ বাবে ‘ৱেইটিং লিষ্ট’ প্ৰকাশ কৰিবলৈ দাবী জনাইছে অসম জাতীয় পৰিষদে৷দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে চৰকাৰে নিযুক্তি মুকলি কৰা পদসমূহত ব্যাপক অভাৰলেপিং হোৱাৰ অভিযোগে ৰাজ্যৰ নিবনুৱাসকলক উদ্বিগ্ন কৰিছে৷ কিয়নো একেজন প্ৰত্যাশীয়ে একাধিক পদত নিযুক্তি লাভ কৰাৰ পিছত দেখাত ৪৪ হাজাৰ লোকে নিযুক্তি পাব ঠিকেই, কিন্তু অভালেপিঙৰ বাবে প্ৰকৃততে নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা বহুত কম হ’ব৷ গতিকে কিমান পদত অভাৰলেপিং হৈছে, সেয়া নিশ্চিত কৰাৰ কাম তৎকালে সম্পাদন কৰি লগে লগে উক্ত পদসমূহৰ বাবে ‘ৱেটিং লিষ্ট’ প্ৰকাশ কৰিব লাগে৷ উল্লেখযোগ্য যে কাইলৈ ভাৰতৰ গৃহ মন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰে ৪৪,৭০৩ টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰিব৷ কিন্তু উক্ত পদসমূহত প্ৰকৃততে কিমানজন প্ৰাৰ্থীয়ে নিযুক্তি পালে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে সংবাদ মাধ্যমৰ আগত কয় যে কিমান পদত অভাৰলেপিং হৈছে বা প্ৰকৃততে কিমান প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে, সেয়া নিযুক্তিপ্ৰাপ্তসকলে চাকৰিত যোগদান কৰাৰ পিছতহে নিশ্চিত হ’ব৷ আজি এই সন্দৰ্ভত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে মু্খ্যমন্ত্ৰীৰ বক্তব্য শুদ্ধ যদিও কিমান পদত অভাৰলেপিং হৈছে, সেয়া নিশ্চিত কৰাৰ কাৰিকৰী সক্ষমতা ৰাজ্য প্ৰশাসনৰ আছে৷ মুখ্যমন্ত্ৰী বা চৰকাৰে ইচ্ছা কৰা হ’লে প্ৰকৃততে কিমান অভাৰলেপিং হৈছে, সেয়া ইতিমধ্যেই নিশ্চিত কৰিব পাৰিলেহেতেন৷ গগৈ আৰু ভূঞাই কয় যে বিজেপি দলে নিজৰ নিৰ্বাচনী ইস্তাহাৰত পূৰ্বে এইবুলি প্ৰতিশ্ৰুতি দিছিল যে ২০২২ চনৰ ৩১ মাৰ্চৰ পূৰ্বে তেওঁলোকৰ চৰকাৰে এক লাখ নিবনুৱাক চৰকাৰী চাকৰি আৰু আন দুই লাখক ব্যক্তিগত খণ্ডৰ চাকৰি প্ৰদান কৰিব৷ উক্ত তাৰিখ পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ মজিয়াত ১০ মে’ৰ ভিতৰত উক্ত লক্ষ্য পূৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ সেই লক্ষ্যও তেওঁৰ চৰকাৰে পূৰণ কৰিব নোৱাৰিলে৷ অৱশেষত দুবছৰৰ মূৰত কেইহাজাৰমান চাকৰি দিছে যদিও অভাৰলেপিঙৰ জৰিয়তে বহু সংখ্যক যোগ্য নিবনুৱাক বঞ্চিত কৰিছে৷ গতিকে, কাইলে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগে লগে অভাৰলেপিং হোৱা পদসমূহৰ বাবে ‘ৱেটিং লিষ্ট’ প্ৰকাশ কৰি উক্ত পদসমূহত যোগ্য নিবনুৱাৰ নিযুক্তি নিশ্চিত কৰিবলৈ গগৈ আৰু ভুঞাই মুখ্যমন্ত্ৰীক আহ্বান জনায়৷