লখিমপুৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰই মুকলি কৰিলে ইনপুট নম্বৰ

লখিমপুৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰই মুকলি কৰিলে ইনপুট নম্বৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আই পি এছ বিষয়া আনন্দ মিশ্ৰই। জিলাখনত বছৰ বছৰ ধৰি অব্যাহত থকা নকল সোণ, নকল নোট আদি অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা। ইয়াৰ বাবে তেওঁ মুকলি কৰিছে এটা বিশেষ ইনপুট নম্বৰ। তেওঁ মুকলি কৰা এই ইনপুট নম্বৰটো হৈছে ৬০০০৮১৫৭৯৯। এই নম্বৰৰ জৰিয়তে সকলো লোকে নকল সোণ, নকল নোটৰ লগতে আন যিকোনো অপৰাধৰ বিষয়ে অৱগত কৰিব পাৰিব।