উদ্ঘাটন – দিপ্তী মনি গোস্বামী

PC - Wallpaper Tip
উদ্ঘাটন
দিপ্তী মনি গোস্বামী, লখিমপুৰ
তাই সদায়ে ভাবে, মানুহজন চৌবিশ ঘন্টাই ঘৰতে থাকে অথচ ইমান আজাদীকৈ চলিবলৈ ইমান টকা ক’ত পায়? তাইক বিধে বিধে খাবলৈ পিন্ধিবলৈ আনি দিয়ে ,ৰাতি সদায়ে হালধি গাখীৰ খোৱায় ইমান মৰম কৰে সেয়ে সুধিবলৈও ভাল নালাগে।বিয়াৰ তিনি বছৰ পাৰ হ’ল অথচ এদিনো সংসাৰ বঢ়োৱাৰ কথাৱো নকয়! বিছনাখনত  প্ৰায় বেলেগ পাৰফিউমৰ গোন্ধ পায় তাই আচৰিত হয়, মানুহজনক সন্দেহ কৰিবলৈও উপায় নাই লগতে থাকে! তাই মনতে ভাবে, তাইৰ টোপনিত হয়তো মানুহজন ওলাই গৈ অভিসাৰত লিপ্ত হৈ এই বেলেগ বেলেগ পাৰফিউমৰ গোন্ধ কঢ়িয়াই আনে! দুদিন মানৰ পিছত তাইৰ গাখীৰ গিলাছত প‌ইতাচুৰণী পৰিলে…সেই দিনা তাই সাৰে আছিল, ৰাতি বাৰ বজাত বাহিৰৰ ৰূমত কাৰোবাৰ কথোপকথন শুনি দুৱাৰৰ ফাকেৰে জুমি চালে…, টেবুলত টকাৰ টোপোলা …তাৰ পিছত দুজন অচিনাকী লোক তাইৰ ৰুমলৈ সোমাই আহিছে…খিৰিকী য়ে দি জাপ মাৰি তাই নিজক বচাই থানা লৈ দৌৰ ল’লে।